আকাশতে দুখন বিমানৰ সংঘৰ্ষ, নিহত ৭

আকাশতে দুখন বিমানৰ সংঘৰ্ষ, নিহত ৭

ডিজিটেল ডেস্কঃ আমেৰিকাৰ আলাস্কা ৰাজ্যৰ আকাশত দুখন বিমানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ৭গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এই দুখন বিমানৰ এখনত পাইলটৰ চীটত আছিল আলাস্কাৰ আইনী বিশেষজ্ঞ গে নপ নামৰ এগৰাকী লোক আৰু আনখন বিমানত আছিল পাইলটৰ সৈতে চাৰি গৰাকী পৰ্যটক।

সংঘৰ্ষৰ পাছত বিমানদুখন মালৱা ঘাইপথৰ কাষতে আহি পৰেহি। ইয়াৰ পাছতে প্ৰশাসনে বন্ধ কৰি দিয়ে মালৱা ঘাইপথ। প্ৰাপ্ত তথ্য অনুসৰি, Soldotna Airportৰ পৰা উৰা মাৰিছিল এই দুয়োখন বিমান। ৬গৰাকীকৈ লোক থিতাতে নিহত হোৱাৰ লগতে এগৰাকী লোক চিকিৎসালয়ত মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in