ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

ঐতিহাসিক আলাবৈত ৰাজ্য চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ বিৰতিৰ পিছত আজি প্ৰথমবাৰলৈ ঐতিহাসিক আলাবৈত মোগল সেনাৰ বিৰুদ্ধে যঁজি একে দিনাই প্ৰাণ দিয়া দহ সহস্ৰাধিক অসমীয়া সেনাৰ আত্ম বলিদানক অসম চৰকাৰে আনুষ্ঠানিকভাৱে স্মৰণ কৰিলে। দীৰ্ঘদিন ধৰি ঐতিহাসিক আলাবৈত অসমীয়া সেনাৰ ত্যাগৰ স্বীকৃতিৰ বাবে দাবী উঠি আহিছিল যদিও তিনি বছৰ পূৰ্বেহে প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱ অসমৰ শিক্ষা আৰু পূৰাতত্ব বিভাগে এই বিষয়টোত গুৰুত্ব আৰোপ কৰে।

আৰু এই সমপৰ্কীয় গৱেষণা তথা আলাবৈৰ সংৰক্ষণৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়। সেই অনুসৰি বিগত বৰ্ষত কামৰূপ গ্ৰাম্য জিলাৰ জিলা প্ৰশাসনৰ উদ্যোগত পাঁচ আগষ্ট তাৰিখে আলাবৈৰ ৰণৰ ৰক্তাক্ত ইতিহাসৰ স্বাক্ষৰ বহনকাৰী অস্থায়ী স্মাৰকত সামৰিক শ্ৰদ্ধাঞ্জলি নিৱেদনেৰে ৩৫০ বছৰৰ পূৰ্বৰ ৰণত আত্মবলিদান দিয়া ১০ হাজাৰ সেনাৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আজি প্ৰথম বাৰলৈ ৰাজ্যৰ চৰকাৰৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়। সেই মৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত পুৱা ১০.৩০ বজাত দদৰা হাইস্কুল প্ৰাঙ্গনত নিৰ্মিত স্মাৰকত সেনা আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱানে সামৰিক মৰ্যাদাৰে শ্ৰদ্ধা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানটোত বৃহত্তৰ আলাবৈৰ অঞ্চলৰ ভালে সংখ্যক লোকো উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in