শেহতীয়া খবৰ
'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে...  •  ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন...  •  জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ...  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...  •  বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

চন্দ্ৰযান-২ৰ লগতে চন্দ্ৰযান-৩ৰ সন্দৰ্ভত টুইটাৰত কি লিখিলে অক্ষয় কুমাৰে…

20,146

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ মহাকাশযানখন চন্দ্ৰ পৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ উচ্চতাত থকা সময়তে নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছৰে পৰা সমগ্ৰ বিশ্বৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। ইয়াৰ পাছত ইছৰ’ৰ বৈজ্ঞানিকসকলৰ বহু লোকে প্ৰশংসা কৰাও দেখা গৈছে।

ৰাজনীতিৰ পৰা বলিউডলৈ সকলো ক্ষেত্ৰৰ লোকেই টুইটাৰযোগে প্ৰশংসা কৰিছে ইছৰ’ৰ বৈজ্ঞানিকসকলক। শেহতীয়াকৈ চন্দ্ৰযান-২ সন্দৰ্ভত বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰেও টুইট কৰে। য’ত তেওঁ ইছৰ’ক লৈ গৌৰাৱান্বিত বুলি প্ৰকাশ কৰি উল্লেখ কৰিছে চন্দ্ৰযান-৩ৰ বিষয়ে।

জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে টুইটটোত লিখিছে- ‘কোনো বিজ্ঞানেই পৰীক্ষা নকৰাকৈ নোহোৱাকৈ সম্ভৱ নহয়। যদি প্ৰথমবাৰতেই আমি সফলতা লাভ কৰো তেন্তে আমি শিকিবলৈ একো নাপাওঁ। ইছৰ’ৰ বৈজ্ঞানিক সকলক মই চেল্যুট দিছো। আমি তেওঁলোকক লৈ গৌৰৱ কৰো আৰু তেওঁলোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আমি চন্দ্ৰযান-২য়েই দেখুৱাব চন্দ্ৰযান-৩ৰ পথ। আৰু দ্বিতীয়বাৰলৈ আমি চেষ্টা চলাম।’

উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰৰ উপৰিও ইছৰ’ আৰু চন্দ্ৰযান-২ৰ সন্দৰ্ভত টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শ্বাহৰুখ খান, অমিতাভ বচ্চন, স্বৰা ভাস্কৰ, অনুপম খেৰৰ দৰে অভিনেতা-অভিনেত্ৰী সকলেও।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি