মঙল গ্ৰহলৈ যাব অভিনেতা অক্ষয় কুমাৰ

মঙল গ্ৰহলৈ যাব অভিনেতা অক্ষয় কুমাৰ

ডিজিটেল ডেস্কঃ বলিউডৰ খিলাড়ী কুমাৰ হিচাপে খ্যাত অক্ষয়ে অভিনয় কৰা প্ৰত্যেকখন ছবিয়েই বিগত কিছুবছৰৰ পৰা বক্স অফিচত চুপাৰ হিট ছবি হিচাপে পৰিগণিত হৈছে৷ কেৱল বক্স অফিচতেই নহয়, অক্ষয়ৰ কিছু ছবিয়ে বহুকেইটা ৰাষ্ট্ৰীয় পুৰস্কাৰো বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত পেডমেন, জলী এল এল বি অন্যতম।

ইয়াৰোপৰি যোৱা ৩ নৱেম্বৰত মুক্তি পোৱা '২.০' ছবিখনো যে এখন সফল ছবি হিচাপে পৰিগণিত হ'ব সেয়া ইতিমধ্যে মুক্তি পোৱা ট্ৰেইলাৰেই প্ৰমাণ কৰিছে। এই সকলোবোৰ সফলতা অৰ্জন কৰাৰ পাছত এইবাৰ অক্ষয় যাব মঙল গ্ৰহলৈ। ইতিমধ্যে সকলোবোৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।

'২.০' ছবিখন মুক্তিৰ পাছতে অক্ষয় ব্যস্ত হৈ পৰিব 'মিছন মঙল'ত। আচলতে মিছন মঙল হৈছে অক্ষয়ৰ আহিবলগীয়া ছবিখনৰ নাম। ফক্স ষ্টাৰ ষ্টুডিঅ' আৰু অক্ষয়ৰ প্ৰডাকচন হাউচ 'কেপ অৱ গুড ফিল্মচ'ৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই ছবিখন হ'ব ভাৰতৰ প্ৰথমখন মহাকাশৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ছবি।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব অক্ষয় কুমাৰে। জগত শক্তিৰ পৰিচালনাৰে নিৰ্মাণ হ'বলগীয়া ছবিখনৰ মুক্তিৰ তাৰিখৰ সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা হোৱা নাই যদিও ২০১৯ৰ শেষৰফালে মুক্তি পাব বুলি আশা কৰা হৈছে। পেডমেনৰ পৰিচালক আৰ বল্কীয়ে ছবিখনৰ সহ পৰিচালক হিচাপে কাম কৰিব।

উল্লেখ্য যে, অক্ষয় বৰ্তমান ব্যস্ত আছে '২.০' ছবিখনৰ প্ৰচাৰত। দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ বিপৰীতে অভিনয় কৰা এই ছবিখন হ'ল অক্ষয়ৰ প্ৰথমখন দক্ষিণ ভাৰতৰ ছবি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in