শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

অক্ষয় কুমাৰৰ ‘মিছন মংগল’ৰ ট্ৰেইলাৰ মুকলি, চাওঁক VIDEO….

426

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিখন ছবিৰ কাহিনী কিছু ব্যতিক্ৰম দেখা পোৱা যায়। দৰ্শকেও অক্ষয়ৰ এনেধৰণৰ ছবিত তেওঁৰ অভিনয়ক প্ৰশংসা কৰে। শেহতীয়াকৈ অভিনেতাগৰাকীৰ নতুন ছবি ‘মিছন মংগল’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ‘মিছন মংগল’ৰ ট্ৰেইলাৰ খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে। লগতে অভিনেতাগৰাকীয়েও ছবিখনৰ ট্ৰেইলাটো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰে।

অভিনেতা অক্ষম কুমাৰে ইনষ্টাগ্ৰামত ট্ৰেইলাৰটো পোষ্ট দি লিখিছে- ‘এখন দেশ, এটা সপোন আৰু এটা ইতিহাস। ইণ্ডিয়া স্পেচ মিছনৰ সঁচা কাহিনী।’ তেওঁ কৰা এই পোষ্টটোত বিভিন্নজনে কমেন্ট কৰাও পৰিলক্ষিত হৈছে। ট্ৰেইলাৰটো চোৱাৰ পাছত অক্ষয় কুমাৰৰ লগতে ছবিখনত অভিনয় কৰা আনসকল অভিনেতাৰো প্ৰশংসা কৰিছে অনুগামীসকলে।

উল্লেখ্য যে, অহা ১৫ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পাব ‘মিছন মংগল’। ছবিখনত অভিনেতা অক্ষয় কুমাৰৰ লগতে অভিনেত্ৰী বিদ্যা বালন, তাপসী পন্নু আৰু ছোনাক্ষী সিনহায়ো কাম কৰিছে। ভাৰতে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহলৈ সফলতাৰে মহাকাশযান পঠিওৱাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন। অৱশ্যে ‘হলী ডে’, ‘বেবী’ আদিৰ দৰে হীট ছবিত কাম কৰা অক্ষয় কুমাৰৰ ‘মিছন মংগলে’ ভাৰতৰ দৰ্শকৰ হৃদয় স্থান লাভ কৰিবনে নাই সেয়া অহা ১৫ আগষ্টতহে জানিব পৰা যাব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি