শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

‘অপৰাধৰ বাবে সময় নাই, আহি আছে পুলিচ…’ VIDEO

384

ডিজিটেল ডেস্কঃ বলিউডৰ খিলাড়ী অক্ষয় কুমাৰ আৰু অভিনেত্ৰী কেটৰিনা কাইফৰ নতুন ছবি ‘সূৰ্যবংশী’ ২৭ মাৰ্চৰ পৰিৱৰ্তে মুক্তি পাব ২৪ মাৰ্চ, ২০২০ত। অক্ষয় কুমাৰ আৰু ৰোহিত চেট্টীৰ অনুৰাগীসকলে এই ঘোষণাৰ পাছত ছবিখন চাবলৈ আৰু অধিক উৎসাহিত হৈ পৰিছে।

উল্লেখ্য যে, অক্ষয় কুমাৰ, অজয় দেৱগান আৰু ৰণবীৰ সিঙে নিজৰ টুইটাৰত এটা ভিডিঅ’যোগে ছবিখন ২৪ মাৰ্চত মুক্তি লাভ কৰাৰ কথা ঘোষণা কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে বহু কেইটি কণ কণ শিশুৱে ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰিছে। লগতে জনোৱা হৈছে যে ২৪ মাৰ্চত সম্পূৰ্ণ ২৪ ঘণ্টাৰ বাবেই মুম্বাইত খোলা থাকিব ছবিগৃহসমূহ।

‘সূৰ্যবংশী’য়ে একমাত্ৰ ছবি হ’ব যিখন ছবিৰ প্ৰদৰ্শনী মুম্বাইত সম্পূৰ্ণ ২৪ঘণ্টাৰ বাবে দৰ্শকে চাব পাৰিব ছবিগৃহত। ইফালে, অক্ষয় কুমাৰে ভিডিঅ’ শ্বেয়াৰ কৰাৰ লগতে লিখিছে- ‘অপৰাধৰ বাবে সময় নাই। আহি আছে পুলিচ। বিশ্বজুৰি ২৪ মাৰ্চত মুক্তি পাব সূৰ্যবংশী।’

উল্লেখ্য যে, প্ৰথমে এই ছবিখন ২০২০চনৰ ঈদত মুক্তি পাব বুলি ঘোষণা কৰাৰ হৈছিল। কিন্তু তাৰপাছত ২৭ মাৰ্চত মুক্তি পাব বুলি ঘোষণা কৰে ছবি নিৰ্মাতা সকলে। আৰু অৱশেষত ২৪ মাৰ্চত ছবিখন মুক্তি পাব বুলি অভিনেতা কেইগৰাকীয়ে টুইটাৰযোগে ঘোষণা কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি