অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য…

অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বান সাহায্য লৈ চৰকাৰে সাহায্য আহ্বান কৰি থকাৰ মাজতে বলিউডৰ তাৰকা অক্ষয় কুমাৰে দেখুৱায় এক মহানুভৱতা । অভিনেতা গৰাকীয়ে অসমৰ বান সমস্যাৰ ভয়াবহ ৰূপ জানিব পাৰি নিজৰ কেৰিয়াৰ জীৱনৰ পাৰিশ্ৰামিক ধন বান সাহায্যৰ বাবে আগবঢ়ায়।

উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰে ১ কোটি কাজিৰঙাৰ জীৱ-জন্তৰ সংৰক্ষণৰ লগতে আন ১ কোটি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিৰ মুঠ ২ কোটি টকা আগবঢ়ায় বুলি নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে সদৰি কৰে।

ইফালে এই খবৰে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। যি সময়ত ৰাজ্যৰ বান সমস্যালৈ কেন্দ্ৰীয় চৰকাৰেও পিঠি দিছে, সেই সময়ত বলীউডৰ তাৰকা গৰাকীয়ে আগবঢ়োৱা ২ কোটি সাহায্যৰ বাবে সমগ্ৰ অসমবাসীয়ে অক্ষয় কুমাৰ ধন্যবাদ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in