শেহতীয়া খবৰ
সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক  •  ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা

এইবাৰ ডিজিটেল মঞ্চত ভৰি দিব অক্ষয় কুমাৰে!

398

ডিজিটেল ডেস্কঃ বৰ্তমানৰ আধুনিক যুগত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ডিজিটেল মঞ্চখনে। দেশৰ নৱপ্ৰজন্মৰ লগতে বলিউদৰ বহু তাৰকাও ইয়াৰ সৈতে জড়িত হৈ পৰিছে। বলিউদৰ খিলাড়ী অক্ষয় কুমাৰেও এইবাৰ ভৰি দিব ডিজিটেল মঞ্চত।

ইফালে, নতুন হিন্দী ছবি ‘কেশৰী’য়ে দৰ্শকৰ হৃদয় জিনিব বুলি আশা ব্যক্ত কৰিছে অভিনেতা অক্ষয় কুমাৰে। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পাছতেই দৰ্শকে এতিয়া অপেক্ষা কৰিছে ছবিগৃহত এই ছবিখন চাবলৈ। ইয়াৰ লগতে অক্ষয় কুমাৰ ৱেব ছিৰিজটো অভিনয় কৰাৰ সম্ভাৱনা দেখা দিছে।

উল্লেখ্য যে, অক্ষয় কুমাৰে সদায় নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ। আৰু অক্ষয়েও নৱপ্ৰজন্মৰ পৰা বহু কথা শিকিবলৈ চেষ্টা কৰে। সেয়েহে অভিনেতাগৰাকীয়ে নিজৰ প্ৰথমখন ৱেব ছিৰিজ কৰিবলৈ আগ্ৰহী বুলি জনায়। অক্ষয় কুমাৰে লগতে জনায় যে- ‘মই মোৰ পুত্ৰ আৰৱৰ পৰা প্ৰেৰণা পাওঁ। আৰৱে মোক কৈছিল ৱেব ছিৰিজৰ জগতখনৰ সৈতে জড়িত হ’ব লাগে বুলি। আৰৱ মোৰ শিক্ষক, মই তাৰ পৰা শিকিবলৈ চেষ্টা কৰো, সেয়েহে মই এই সিদ্ধান্ত ল’লো।‘

লগতে অক্ষয় কুমাৰে এই ৱেব ছিৰিজৰ সন্দৰ্ভত বেছি কথা জনোৱা নাই যদিও তেওঁ কয় যে- এই ৱেব ছিৰিজত যথেষ্ট একচন দেখিবলৈ পাব দৰ্শকে। এই ৱেব ছিৰিজৰ শোভাৰম্ভণি অনু্ষ্ঠানত অক্ষয় কুমাৰে জুইৰ সৈতে ষ্টান্ট কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি