আক্ৰাছুৰ আহ্বানত টংলাত কোচ ৰাজবংশীৰ জাতীয় সমস্যা সন্দৰ্ভত চিন্তন বৈঠক, ইউটিচি গঠনৰ পূৰ্বে ৰাজহুৱা শুনানি গ্ৰহণৰ আহ্বান

আক্ৰাছুৰ আহ্বানত টংলাত কোচ ৰাজবংশীৰ জাতীয় সমস্যা সন্দৰ্ভত চিন্তন বৈঠক, ইউটিচি গঠনৰ পূৰ্বে ৰাজহুৱা শুনানি গ্ৰহণৰ আহ্বান

ডিজিটেল সংবাদ, টংলাঃ সাম্প্ৰতিক সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি দেখা দিয়া জাতীয় সমস্যাসমূহৰ সন্দৰ্ভত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ওদালগুৰি জিলা সমিতি (পশ্চিম)ৰ আহ্বানত দেওবাৰে জিলাখনৰ টংলা মিলনপুৰস্থিত চিলাৰায় ভৱনত নীলধৰ ডেকাৰ সঞ্চালনাত এখনি চিন্তন বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবীৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব বুলি ঐক্যমতত উপনিত হয়৷ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন-২০১৯ ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থকা গণ আন্দোলনক মষিমূৰ কৰাৰ লক্ষ্যৰে কোচ ৰাজবংশী জনগোষ্ঠীক আন্দোলনৰ পৰা আঁতৰাই অনাৰ ষড়যন্ত্ৰৰে কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন কৰি জনগোষ্ঠীটোক ললীপপ্‌ দিয়া বুলি অভিহিত কৰে।

দেওবাৰৰ চিন্তন বৈঠকে কেৱল গোৱালপাৰা জিলা সামৰি গঠন কৰিবলৈ লোৱা স্বায়ত্ত্ব শাসনৰ প্ৰস্তাৱক কোনো কাৰণতে মানি নলয় বুলি দৃঢ় মতপোষণ কৰে৷ কোচ ৰাজবংশী জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য দাবীত পূৰ্বতকৈ অধিক সুসংগঠিত ৰূপত গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ পোষকতা কৰে৷ একে সময়তে জনগোষ্ঠীটোৰ ৰাইজক নিজ নিজ কৰ্মক্ষেত্ৰত জড়িত থাকিও জাতিৰ সেৱাত ব্ৰতি হোৱাৰ আহ্বান জনাই জনগোষ্ঠীটোৰ সুকিয়া ৰাজনৈতিক পৰিচয় শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰোপৰি বৈঠকে ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্ত্ব শাসিত পৰিষদ যিহেতু অসমৰ ভিতৰত সেয়ে পৰিষদীয় এলেকাত অসমীয়া ভাষাৰ মৰ্যাদা অটুত থাকিবই লাগিব বুলি মতপোষণ কৰে৷

দেশত বলবৎ হোৱা নাগৰিকত্ব সংশোধনী আইন-২০১৯ কোচ ৰাজবংশী ৰাইজে কোনো কাৰণতে সমৰ্থন নকৰে বুলি প্ৰকাশ কৰে৷ আনহাতে দীৰ্ঘদিনীয়া বড়োলেণ্ড আন্দোলন সমাধান হোৱাতো কোচ ৰাজবংশী ৰাইজে কামনা কৰে যদিও কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত ইউ টি চি এলেকাৰ ৭০ শতাংশ বাসিন্দাক মতামত নোলোৱাকৈ গঠন কৰিবলৈ লোৱা ইউ টি চিৰ ক্ষেত্ৰত চৰকাৰে ৰাজহুৱা শুনানিৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ কেন্দ্ৰীয় চৰকাৰে এনডিএফবিৰ লেখিয়াকৈ একেসময়তে দীৰ্ঘদিনীয়া আলফা সদস্যাকে আন উগ্ৰপন্থী সংগঠনসমূহৰ সৈতেও শান্তি আলোচনাৰ পৰিবেশ ৰচনাৰ আহ্বান জনায়৷

বৈঠকত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিব্যজ্যোতি কুমাৰ ডেকা, বিশিষ্ট লেখক দ্বীপেন্দ্ৰ নাৰায়ণ কোৱৰ, কোচ ৰাজ পৰিয়ালৰ জীয়ৰী তথা সমাজ সেৱিকা হেমপ্ৰভা দেৱী, ওদালগুৰি জিলা আক্ৰাছু পশ্চিমৰ সভাপতি হেমন্ত বৰা কোচ, বিশিষ্টা সমাজ সেৱিকা ৰঞ্জনা শৰ্মা বৰুৱা, ৰমনী চহৰীয়া, ব্ৰজ ডেকা, ললিত ডেকা, কোচ ৰাজবংশী মূল, যুৱ আৰু মহিলা সন্মিলনীৰ নেতা-কৰ্মীৰ উপৰি জনগোষ্ঠীটোৰ শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী আদি লোক উপস্থিত থাকে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in