সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে…

সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে…

ডিজিটেল সংবাদ,ওৰাং: সমাগত বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে। কোচ ৰাজবংশী অধ্যষিত অঞ্চলত বিজেপিৰ প্ৰবেশ নিষেধ ঘোষণা আক্ৰাছুৰ। কোচ ৰাজবংশী সকলে বিজেপিক বৰ্জন কৰিবলৈ সাজু হৈছে। বিজেপিয়ে কোচ ৰাজবংশী জনগোষ্ঠীক ভাগ ভাগ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই।

বিধানসভা নিৰ্বাচনৰ সময়ত কেৱল নিৰ্বাচনী টোপ হিচাপে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ উন্নয়ন পৰিষদ গঠন কৰি পুনৰ এবাৰ বিজেপিয়ে কোচ ৰাজবংশী সকলক প্ৰতাৰণা কৰাৰ অভিযোগ আক্ৰাছুৰ।‌ একাংশ বিজেপি সমৰ্থকক লৈ কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে । কোচ ৰাজবংশী জনগোষ্ঠীটোক ভাগ ভাগ কৰি হিমন্ত বিশ্ব শৰ্মাই কোনো দিনে কোচ ৰাজবংশী সংগঠনৰ লগত জড়িত নোহোৱা লোকক কোচ ৰাজবংশী উন্নয়ন পৰিষদ আৰু কোচ ৰাজবংশী স্বায়ত্বশাসিত পৰিষদৰ সদস্য পদ প্ৰদান কৰাৰ অভিযোগ আক্ৰাছুৰ।

বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়ন নিবিচাৰে বুলি গুৰুত্বৰ অভিযোগ আক্ৰছুৰ সভাপতি অতুল বৰ্মনৰ। বিজেপিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো উন্নয়ন নকৰি সদায় তলতীয়া কৰি ৰাখি ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি অহাৰ অভিযোগ আক্ৰাছুৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জন জনজাতি কৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ দাবীৰে আক্ৰাছুৱে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে।

কিন্তু জনগোষ্ঠীটোক বিজেপিয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত জনজাতি কৰণ প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। জনজাতি কৰণৰ বাবে মন্ত্ৰী গোটক লৈ প্ৰতিবেদন সমিতি গঠন কৰি দিছিল বিজেপি চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী গোটে কোচ ৰাজবংশী সংগঠন সমূহৰ লগত কেইবালানিও আলোচনা কৰি প্ৰতিবেদন সমিতিয়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কোচ ৰাজবংশী সকলক জনজাতি কৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰতি প্ৰদান কৰিছিল। সমাগত বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব।

কিন্তু বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰতি মতে আজিও জনজাতি কৰণ নহ'ল কোচ ৰাজবংশী জনগোষ্ঠীৰ।‌ বিজেপি চৰকাৰে কোচ ৰাজবংশী সকলক কৰা প্ৰতাৰণাৰ বাবে জাঙুৰ খাই উঠিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা। এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিক উচিত শিক্ষা দিবলৈ সাজু হৈছে কোচ ৰাজবংশী জনগোষ্ঠী। দেওবাৰে ৰৌতাৰ আক্ৰাছুৰ কাৰ্যালয়ত সংগঠনটোৰ সভাপতি অতুল বৰ্মনে সংবাদ মেল পাতি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে নিৰ্বাচনত বিজেপিক ভাল শিক্ষা দিব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in