বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা

বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা

ডিজিটেল সংবাদ, বঙাইগাঁও/কোকৰাঝাৰঃ পুনৰ আক্ৰাছুত গৃহকন্দল৷ আগন্তক লোকসভা নিৰ্বাচনত এটা ফৈদে কেন্দ্ৰত নেতৃত্বাধীন এন ডি এ চৰকাৰক মুকলি সমৰ্থন দিয়াৰ বিপৰীতে আন এটা ফৈদে সমৰ্থন দিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ শৰণীয়াক৷ ফলস্বৰূপে পুনৰ বিভাজিত হোৱাৰ পথত আক্ৰাছু৷

ইতিমধ্যে এন ডি এ চৰকাৰক সমৰ্থন দিয়াৰ প্ৰেছ বিবৃতি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ হাতত পৰিছে। আনহাতে এন ডি এ চৰকাৰক সমৰ্থন দিয়া দুই নেতাৰ বিৰুদ্ধে আক্ৰাছুৱে লৈছে তাৎক্ষণিক সিদ্ধান্ত৷ সাধাৰণ সম্পাদক গোকুল বৰ্মনক সাময়িকভাৱে অব্যাহতি দিয়াৰ লগতে উপ সভাপতি মুকুল বৰুৱাক অপসাৰণ কৰিছে সংগঠনটোৱে৷

অপসাৰণ কৰাৰ কথা শনিবাৰে ঘোষণা কৰে আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে। কোকৰাঝাৰ কালিপুখুৰীৰ আক্ৰাছুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেল যোগে এই ঘোষণা কৰে আক্ৰাছুৰ সভাপতিজনে। আক্ৰাছুৰ ১৪খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এখন সংবাদমেলত এই ঘোষণা কৰে সংগঠনটোৱে।

দুই আক্ৰাছুৰ নেতা সংবিধান বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত হোৱাৰ বাবেই উক্ত সিদ্ধান্ত লোৱা বুলি সদৰি কৰিছে সংগঠনটোৰ নেতৃত্বই। ইফালে সংবাদমেলখনত নৱ কুমাৰ শৰণীয়াৰ প্ৰতি সমৰ্থন অব্যাহত থকাৰ কথা ঘোষণা কৰিছে আক্ৰাছুৱে। এনেদৰে দুই নেতাক অপসাৰণ কৰাৰ বিষয়টোক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in