প্ৰতিশ্ৰুতি বহুত হ’ল ! আৰু সহ্য নকৰে আক্ৰাছুৱে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ঘোষণা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী…

প্ৰতিশ্ৰুতি বহুত হ’ল ! আৰু সহ্য নকৰে আক্ৰাছুৱে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ঘোষণা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী…

ডিজিটেল সংবাদ ওৰাংঃ বিজেপি নেতৃত্বাধীন অসম তথা কেন্দ্ৰীয় চৰকাৰে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লগত বাৰম্বাৰ ঠক-প্ৰবঞ্চনা কৰি অহাৰ গুৰুতৰ অভিযোগ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। সহজ-সৰল ৰাজবংশী জনগোষ্ঠীটোক লৈ আৰু ৰাজনীতি নকৰিবলৈ সকিয়নী প্ৰদান কৰিছে আক্ৰাছুৱে।

'আমাৰ ধৈৰ্য্যৰ পৰীক্ষা আৰু ন'লব! আমাৰ সহ্যৰ সীমা অতিক্ৰম হৈ আছে।' এনেদৰে বিজেপি চৰকাৰক চৰম সকিয়নী প্ৰদান কৰি ক্ষোভত ফাটিছে আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনাধৰ ৰয়ে। লগতে বিজেপি চৰকাৰক প্ৰতাৰক তথা মিছলীয়া আখ্যা দিয়ে নেতা গৰাকীয়ে।

চৰকাৰ গঠনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি এতিয়ালৈকে পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰয়ে। সমান্তৰালকৈ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ দুৰ্দাশাত ক্ষোভ প্ৰকাশ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে নেতা গৰাকীয়ে।

আজিলৈকে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বাবে ফুটাকঢ়ি এটাও নিদিয়াৰ অভিযোগ উত্থাপন কৰে আক্ৰাছুৰ নেতাগৰাকীয়ে। বৰ্তমানলৈকে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ এটি কাৰ্যালয়ও স্থাপন কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ আৰু গৰিহণা প্ৰদান কৰি কয়- এইয়া জাতিটোৰ প্ৰতি কৰা চৰম অপমান তথা প্ৰতাৰণা।

ৰৌতাৰ চিলাৰায় ভৱনত অনুষ্ঠিত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে আক্ৰাছুৱে। কোঁচ ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমাতাপুৰ গঠনৰ দাবীত চলিত জুন মাহৰ ১৫ তাৰিখে গোলকগঞ্জৰ পৰা দিছপুৰ অভিমুখে চাইকেল ৰেলীৰ লগতে অহা জুলাই মাহৰ ২৮ তাৰিখে ৰাজধানী দিল্লীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়নৰ কৰিব সংগঠনটোৱে। আনহাতে আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসটি এইবেলি দিল্লীত অনুষ্ঠিত কৰিব বুলিও সংগঠনটোৰ সভাপতি বলৰাম বৰ্মনে সদৰি কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in