পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী…

পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী…

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ (কৰ্মেশ্বৰ গোট)ৰ উদ্যোগত সোমবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হয় । তাৰেই অংশস্বৰূপে আজি কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

প্ৰায় শতাধিক আক্ৰাছু কৰ্মীয়ে অৱস্থান ধৰ্মঘটথলীত নিজ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানেৰে আকাশ বতাই কপাই তোলে । ধৰ্ণা কাৰ্যসূচীৰ অন্তত কমতাপুৰ ৰাজ্য পুণৰগঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত জিলা উপায়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে আক্ৰাছুৱে ।


ইপিনে আক্ৰাছু(কৰ্মেশ্বৰ গোট)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জীৱেশ ৰায়ে জনজাতিকৰণ অবিহনে আক্ৰাছু কাহানিও ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দিয়ে । অসম চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি জীৱেশ ৰায়ে কয় যে জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰক প্ৰতিবেদন দিয়াৰ নামত ৰাজ্য চৰকাৰে এমাহ সময় লৈছে আৰু এয়াই শেষ সময় হওঁক বুলি মন্তব্যৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আহ্বান জনাইছে । জনজাতিকৰণ অবিহনে অৰ্থনৈতিক , ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ কাহানিও সম্ভৱ নহয় বুলি মন্তব্য কৰি সদিচ্ছাৰে জনজাতিকৰণৰ বিষয়টো সমাধান কৰিবলৈ আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in