যুৱতীক ব্লেকমেইলিংঃ বিবাহিত আক্ৰাছু নেতাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ…

যুৱতীক ব্লেকমেইলিংঃ বিবাহিত আক্ৰাছু নেতাক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ…
  • গোৰেশ্বৰ থানাৰ আৰক্ষীয়ে আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকক যোৱা নিশা আটক কৰিছে।
  • এগৰাকী যুৱতীক দীৰ্ঘদিন ব্লেকমেইলিঙেৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগত আটক কৰা হৈছে নেতা গৰাকীক।
  • আটকাধীন আক্ৰাছুৰ নেতা গৰাকী শংকৰ ৰাজবংশী।
  • গোপন সুত্ৰৰ পম খেদি যোৱা নিশা গুৱাহাটীৰ জয়া নগৰ অঞ্চলৰ পৰা আটক কৰিলে অপৰাধী গৰাকীক।
  • আজি কিছুদিন আগতে গোৰেশ্বৰৰ যুৱতী এগৰাকীৰ ফেচবুক লাইভে উদঙাইছিল বিতৰ্কিত ছাত্ৰ নেতা শংকৰ ৰাজবংশীৰ চৰিত্ৰ।
  • উক্ত যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিতেই আত্মগোপন কৰি থকা আক্ৰাছুৰ নেতাগৰাকীক মহানগৰ আৰক্ষীৰ সহযোগত জয়ানগৰৰ পৰা আটক কৰা হয়।
  • উল্লেখ্যযোগ্য যে বিবাহিত ৰাংবংশীয়ে অভিযোগকাৰী যুৱতীগৰাকীৰ সৈতেও নতুনকৈ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিছিল।
  • ইয়াৰ বাহিৰেও তেওঁক সৈমান কৰাবলৈ বিভিন্ন প্ৰকাৰে ব্লেকমেইলিং কৰিছিল।
  • উপায়ন্তৰ হৈ শেষত যুৱতী গৰাকীয়ে দিছিল ফেচবুক লাইভযোগে সকলো সদৰি কৰাৰ লগতে গোৰেশ্বৰ থানাতো এজাহাৰ দাখিল কৰে।
  • এই সন্দৰ্ভত গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়া মতে, যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ বাহিৰেও পূৰ্বৰে পৰা আক্ৰাছুৰ নেতাগৰাকী বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগ আছিল আৰু এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল।
  • ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ পলাতক অৱস্থাত আছিল যদিও গোপন খবৰৰ ভিত্তিত যোৱা নিশা গুৱাহাটীৰ জয়ানগৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে অৱগত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in