একল অভিযানৰ বটদ্ৰৱা সঞ্চৰ মাষিক বৰ্গঃ আচাৰ্যা সকলক বেগ, কম্বল, হনুমান চালিচা প্ৰদান…

একল অভিযানৰ বটদ্ৰৱা সঞ্চৰ মাষিক বৰ্গঃ আচাৰ্যা সকলক বেগ, কম্বল, হনুমান চালিচা প্ৰদান…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ প্ৰাথমিক, জাগৰণ, আৰোগ্য, সংস্কাৰ, গ্ৰামবিকাশ এই পঞ্চমুখী শিক্ষাৰে দেশৰ গ্ৰাম্যাঞ্চলৰ দুখীয়া পৰিয়ালৰ কনকন শিশু সকলক শিক্ষিত কৰাৰ লক্ষ্যৰে ১৯৮৯ চনত ঝাৰখণ্ডত প্ৰতিষ্ঠা হোৱা একল অভিযানে সম্প্ৰতি দেশৰ ভিন্ন প্ৰান্তত লক্ষাধিক বিদ্যালয় গঢ় দি কোটি কোটি শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰি আহিছে।

এই একল অভিযানৰ বটদ্ৰৱা (অঞ্চল)সঞ্চৰ ৩০ খন বিদ্যালয়ৰ আচাৰ্যা সকলৰ মাষিক বৰ্গ অনুষ্ঠানটি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বটদ্ৰৱা দৌলৰ বাটৰ ৰাজহু মঞ্চত অনুষ্ঠিত মাষিক বৰ্গ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা আচাৰ্যা আৰু অতিথি বৃন্দৰ চিনাকি পৰ্বৰ পাছত পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰে নগাঁও (নগাঁও, মৰিগাঁও, হোজাই জিলা)অঞ্চলৰ সম্পাদক ললিত কোঠাৰীয়ে।

বটদ্ৰৱা সঞ্চৰ প্ৰমুখ সুস্মিতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত আচাৰ্যা সকলে সমস্বৰে ঔংকাৰ, গায়ত্ৰী মন্ত্ৰ, সৰস্বতী বন্দনা, বিজয়া মহামন্ত্ৰ, ঘোষা পৰিৱেশন কৰে। পাছত দেশপ্ৰেম মূলক গীত পৰিবেশন কৰে তৃতীষা ভৰালী আৰু আমৃত বচন পৰিবেশন কৰে বটদ্ৰৱা সঞ্চৰ সহকাৰী সম্পাদক গিৰিশ বৰুৱাই। সভাত নগাঁও অঞ্চলৰ সম্পাদক ললিত কোঠাৰী, গিৰিশ বৰুৱা, দীপজ্যোতি কাকতিয়ে ভাষন প্ৰদান কৰে। সভাৰ শেষত নগাঁও অঞ্চলৰ তৰফৰ পৰা আচাৰ্য সকলক বেগ, কম্বল, হনুমান চালিচা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in