৫১ বছৰীয়া হ’ল অক্ষয় কুমাৰ

৫১ বছৰীয়া হ’ল অক্ষয় কুমাৰ

ডিজিটেল ডেস্কঃ বলিউদৰ খিলাড়ী কুমাৰে আজি ভৰি থলে ৫১ বছৰ বয়সত। সাধাৰণ পৰ্যায়ৰ পৰা কৰ্মজীৱনৰ পাতনি মেলা অক্ষয় কুমাৰ আজি বলিউদৰে নহয় বিশ্বৰ অভিনয় জগতৰ এটি উজ্বল নক্ষত্ৰ।

১৯৯০চনত ৰাজেশ খান্নাৰ ওচৰত ছবিৰ কাম বিছাৰি বিমুখ হোৱা অভিনেতাজন ২০১৮ত বলিউদৰ সবাতোকৈ অধিক উপাৰ্জন কৰা অভিনেতা। বহু ঘাট-প্ৰতিঘাটৰ অন্তত বলিউদত নিজৰ অন্য এক আসন দখল কৰিবলৈ সক্ষম হোৱা অক্ষয় কুমাৰৰ জন্ম হৈছিল ১৯৬৭ চনৰ আজিৰ দিনটোত।

প্ৰায় ১০০খনৰো অধিক ছবিত অভিনয় কৰা অভিনেতাজনৰ প্ৰথম ছবি 'সুগন্ধ' মুক্তি পাইছিল ১৯৯১চনত। ছবিখনে ব্যৱসায়িক ভাৱে সফল নহলেও তাৰ পিছৰে পৰা পাছলৈ ঘূৰি চাব লগা হোৱা নাই অভিনেতাজনে। ২০০১ চনত ৰাজেশ খান্নাৰ জীয়ৰী টুইংকল খান্নাৰ সৈতে পাতনি মেলে বিবাহিত জীৱন।

১৬ বছৰ পূৰ্ণ হোৱা অক্ষয়ৰ সফল সংসাৰত এতিয়া আছে পুত্ৰ অৰাব আৰু জীয়ৰী নিতাৰা। পত্মী টুইংকলেও অভিনয় জীৱন এৰি সাহিত্যজগতত ভৰি দিছে। মুঠৰ ওপৰত এজন সফল অভিনেতাৰ লগতে অক্ষয় কুমাৰৰ আছে এখন সুখৰ সংসাৰ। অভিনেতাজনৰ জন্মদিনৰ উপলক্ষে লাখ লাখ গুণমুদ্ধই যাচিছে শুভকামনা। তাৰ ভিতৰতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও টুইটাৰযোগে বলীউদৰ খিলাড়ীক জনালে জন্মদিনৰ ওলগ।

উল্লেখ্য যে, অচিৰেই ছবিগৃহলৈ আহিব অক্ষয় কুমাৰ বহুচৰ্চিত ছবি 'ৰবট ২.০'। ছবিখনত দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ বিপৰীতে অভিনয় কৰিছে অক্ষয় কুমাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in