উন্নাৱৰ নিৰ্যাতিতা যুৱতীৰ মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদঃ বিধানসভাৰ বাহিৰত ধৰ্ণাত বহিল অখিলেশ যাদৱ

উন্নাৱৰ নিৰ্যাতিতা যুৱতীৰ মৃত্যুৰ বিৰুদ্ধে প্ৰতিবাদঃ বিধানসভাৰ বাহিৰত ধৰ্ণাত বহিল অখিলেশ যাদৱ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা দিল্লীৰ চফদৰজং হাস্পতালত উন্নাৱৰ নিৰ্যাতিতা যুৱতীগৰাকীৰ মৃত্যু ঘটাৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰৰ গাফিলতিক লৈ সৰৱ হৈ পৰিছে বিৰোধী। এগৰাকী নিৰ্যাতিতা যুৱতীক আদালতলৈ যোৱাৰ পথত জামিনত মুকলি হোৱা অভিযুক্তই সংগীৰ সৈতে মিলি গাত অগ্নিসংযোগ কৰি জ্বলাই দিয়া ঘটনাৰ পিছত উত্তৰ প্ৰদেশত মহিলাৰ নিৰাপত্তাক লৈও প্ৰশ্ন তুলিছে। উন্নাৱৰ নিৰ্যাতিতা যুৱতীগৰাকীৰ নিৰাপত্তাৰ দিশত কিয় ৰাজ্যৰ আৰক্ষী-প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও উত্তৰ প্ৰদেশ আৰক্ষীক কাঠগড়াত তুলিছে বিভিন্ন জনে।

ইফালে, উন্নাৱৰ নিৰ্যাতিতা যুৱতীগৰাকীৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি, যুৱতীগৰাকীৰ দেহত অগ্নিসংযোগ কৰাৰ পূৰ্বেই হত্যাাৰ ভাবুকি প্ৰদান কৰিছিল অভিযুক্তই। এই সন্দৰ্ভত নিৰ্যাতিতাৰ পৰিয়ালে আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰে পিতৃয়ে। চিকিৎসালয়ত নিৰ্যাতিতাৰ মৃত্যুৰ প্ৰতিবাদত শনিবাৰে বিধানসভাৰ বাহিৰত ধৰ্ণাত বহে এছ পিৰ নেতা অখিলেশ যাদৱ। যোগী চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি অখিলেশ যাদৱে কয় যে চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্বহীনতাৰ বাবেই মৃত্যু হ'ল নিৰ্যাতিতা যুৱতীগৰাকীৰ। চৰকাৰে তৎপৰতা প্ৰদৰ্শন কৰা হ'লে যুৱতীগৰাকীক বচাব পৰা গ'লহেঁতেন। ইফালে অখিলেশৰ লগতে উন্নাও কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছেও।

উল্লেখ্য যে, ২০১৮ চনৰ ১২ ডিচেম্বৰত উন্নাৱৰ এখন গাঁৱত ধৰ্ষণৰ বলি হৈছিল যুৱতীগৰাকী। চলিত বছৰৰ মাৰ্চ মাহত যুৱতীগৰাকীৰ পৰিয়ালে শিৱম আৰু শুভম ত্ৰিবেদী নামৰ দুজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। পিছত আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰে অভিযুক্তজন। যোৱা বৃহস্পতিবাৰে এই গোচৰৰ শুনানিৰ বাবে যুৱতীগৰাকীয়ে ৰায়বৰেলীৰ এখন আদালতলৈ গৈ থকাৰ সময়তে বিহাৰ গাঁৱৰ বাহিৰত অভিযুক্তই সংগীৰ সৈতে মিলি যুৱতীগৰাকীৰ ওপৰত আক্ৰমণ চলায় আৰু কেৰাচিন ঢালি জ্বলাই দিয়ে।

এই ঘটনাত আহত যুৱতীগৰাকীক অতি সংকটজনক অৱস্থাত প্ৰথমে লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে এয়াৰ লিফ্টযোগে দিল্লীৰ চফদৰজং হাস্পতাললৈ স্থানান্তৰিত কৰা হয়। তাতেই নিশা চিকিৎসাধীন অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ মৃত্যু ঘটে যুৱতীগৰাকীৰ। আনহাতে মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্যত ৫ অভিযুক্তৰ নাম উল্লেখ কৰিছিল। আৰক্ষীয়ে সেই অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in