কোৰোনা প্ৰতিৰোধৰ বাবে সাংসদ নিধি পুঁজিৰ নিয়মৰ সালসলনি, স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে অখিলেশ যাদৱে আগবঢ়ালে ১ কোটি টকা…

কোৰোনা প্ৰতিৰোধৰ বাবে সাংসদ নিধি পুঁজিৰ নিয়মৰ সালসলনি, স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে অখিলেশ যাদৱে আগবঢ়ালে ১ কোটি টকা…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ পিছত এতিয়া ভাৰততো দ্ৰুত ৰূপত সংক্ৰমণ ঘটিছে কোৰোনা ভাইৰাছ। ভাৰতত বুধবাৰ পৰ্যন্ত ৫ শতাধিক লোক এই ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ বিপৰীতে ইতিমধ্যে মৃত্যু ঘটিছে ১১ জনকৈ লোকৰ। কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ২১ দিনৰ তলাবন্ধ ঘোষণা কৰিছে। অসমতো মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা জাৰি কৰা হৈছে লকডাউন।

ভাৰতত অতি দ্ৰুততাৰে সংক্ৰমণ ঘটা এই মহামাৰী প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সাংসদ নিধি পুঁজিৰ নিয়মৰ কিছু সাল-সলনি ঘটাইছে। যাৰ পিছত সাংসদ আৰু বিধায়ক সকলে তেওঁলোকে লাভ কৰা পুঁজিৰ ধন কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব।

কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে বুধবাৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বিবেক তানখাই প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক টুইটযোগে ধন্যবাদ জনায়। তেওঁ টুইটত লিখিছে- এতিয়া সাংসদ সকলো কোৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ সক্ষম হ'ব। কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ আমি সকলো দায়বদ্ধ হোৱা উচিত।

আনফালে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ লোকসভা সাংসদ অখিলেশ যাদৱেও সাংসদ পুঁজিৰ পৰা ১ কোটি টকা কোৰোনা প্ৰতিৰোধৰ বাবে আগবঢ়াইছে। তেওঁ এই ধন আজমগড় মেডিকেল কলেজৰ সকলো চিকিৎসক- স্বাস্থ্যকৰ্মীৰ ব্যক্তিগত সুৰক্ষাৰ বাবে প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in