দুসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ : অখিল গগৈৰ জামিন আবেদন সন্দৰ্ভত নিয়া লৈ জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ …

দুসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ : অখিল গগৈৰ জামিন আবেদন সন্দৰ্ভত নিয়া লৈ জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ …

ডিজিটেল ডেস্ক : সোমবাৰে গৌহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে অখিল গগৈৰ জামিন শুনানি । ন্যায়াধীশ কল্যাণ ৰাই চুৰাণা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ এখন দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰে শুনানি । ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা পি এছ নৰসিমহা আৰু অধিবক্তা ৰুণা ভূঞাই ভিডিওকনফাৰেণ্সৰ যোগেদি নতুন দিল্লীৰ পৰা প্ৰতিনিধিত্ব কৰে গগৈক ।

উচ্চ ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত নিয়াক জাননী প্ৰেৰণ কৰে । দুসপ্তাহৰ ভিতৰত তদন্তকাৰী প্ৰতিষ্ঠানটোক প্ৰত্যুত্তৰ দিবলৈও নির্দেশ দিয়ে ন্যায়ালয়ে ।পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব অহা অক্টোবৰৰ ১৩ তাৰিখে ।পূৰ্বতে নিয়া আদালতে জামিন নাকচ কৰিছিল গগৈৰ । নিয়া আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে গগৈয়ে । কা বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লোৱাৰ পাছৰে পৰা যোৱা ৮ মাহ বহু কেইটা গোচৰত অভিযুক্ত হৈ কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ । ইউএপিএ গোচৰটো অভিযুক্ত হৈ আছে গগৈ ।

নিয়ায়ে দাখিল কৰা অভিযোগনামাত গগৈক মাওবাদী সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকাৰ সাক্ষীবাদী অভিযোগ উত্থাপন কৰিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অখিলৰ আইনী যুজঁখন আগবঢ়াই নিবলৈ অসমৰ ৰাইজৰ পৰা ২৮ লক্ষ টকা সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত সদৰী কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in