অসমত কাৰ নেতৃত্বত ছিণ্ডিকেট, ক’লে অখিল গগৈয়ে

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বিজেপিৰ আমোলত বৃদ্ধি পাইছে ছিণ্ডিকেট, অত্যাৱশ্যকীয় সামগ্ৰীৰ ছিণ্ডিকেটে মাধমাৰ শোধাইছে সাধাৰণ ৰাইজক। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। আন ৰাজ্যৰ তুলনাত অসমত চিমেণ্টৰ দাম অধিক বেছি। আনহাতে ভয়ানকভাৱে বৃদ্ধি পাইছে কয়লাৰ ছিণ্ডিকেট। তিনিচুকীয়া, কাৰ্বি আংলং, আৰু মেঘালয়ত চলিছে কয়লা ছিণ্ডিকেট।

বিজেপি আৰু আৰ এছ এছৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু বোকাজানৰ বিধায়ক নোমল মমিন নেতৃত্বত চলিছে এই ছিণ্ডিকেটৰাজ। সংবাদমেলত কৃষক নেতাজনে কয়লাৰ ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব চি বি আইক কিয় দিয়া নহ'ল তাক লৈ প্ৰশ্ল উত্থাপিত কৰাৰ লগতে গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয় আৰু চুপাৰী মাফিয়া আব্দুল হান্নানৰ নেতৃত্বত চুপাৰী ছিণ্ডিকেটে ভয়ংকৰ ৰূপ লৈছে বুলি অভিযোগ কৰে।

'বৰাকত চুপাৰী ছিণ্ডিকেটৰ মাফিয়া দীপাংকৰ দেৱ আৰু অঞ্জন পাল। ফল–মূল, পাণ, মাছৰ বিশাল ছিণ্ডিকেট গঢ়ি তুলিছে পীয়ুষ হাজৰিকাই' -সংবাদমেলত এই গুৰুতৰ অভিযোগ কৃষক অখিল গগৈৰ। তাৰোপৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে কৃষক নেতা অখিল গগৈৰ গুৰুতৰ অভিযোগ। বন মন্ত্ৰীগৰাকীয়ে শিল-বালি, কাঠ, মাটিৰ বিশাল ছিণ্ডিকেট গঢ়ি তুলিছে বুলি এই গুৰুতৰ অভিযোগ উত্থাপন কৃষক নেতাজনে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in