বিহ নহয়, অমৃতহে পান কৰে হিমন্ত বিশ্ব শৰ্মাই…

বিহ নহয়, অমৃতহে পান কৰে হিমন্ত বিশ্ব শৰ্মাই…
  • 'হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৃষক নেতা অখিল গগৈৰ সংবাদমেল।'
  • 'হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা কৰি অখিল গগৈয়ে কয় – বিহ নহয়, অমৃতহে পান কৰে হিমন্ত বিশ্ব শৰ্মাই।'
  • 'কটন কলেজত থাকোতে হিমন্ত বিশ্বক কংগ্ৰেছী গুণ্ডা বুলি জানিছিল।'
  • 'কটনত বেয়াৰ প্ৰতীকত পৰিণত হৈছিল হিমন্ত বিশ্ব শৰ্মা।'
  • 'হিমন্ত বিশ্বই ১৯৮৫ চনৰ পৰা অসম চুক্তিৰ বিৰোধিতা কৰা বুলি কৈছে, কিন্তু ক'তো অসম চুক্তিৰ বিৰোধিতা কৰা দেখা নাছিলো।'
  • 'আছুৰ সভাৰ কথা হিতেশ্বৰ শইকীয়াক জনাই আছুৰ পৰা নিলম্বিত হৈছিল হিমন্ত বিশ্ব শৰ্মা।'
  • 'থানা–ক'ৰ্টৰ পৰা কেছ ডায়েৰী নাইকীয়া কৰা মানুহ তেওঁ।'
  • 'হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰথম আৰু প্ৰধান মাফিয়া ৰাজনীতিক আখ্যা অখিল গগৈৰ।'
  • 'সাম্প্ৰদায়িক, মৌলবাদ আনিবৰ বাবে অনা হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক।'
  • '১৯৭১ৰ পৰা এতিয়ালৈ অসমত বাংলাদেশীৰ সংখ্যা ২০ লাখ, হিমন্ত বিশ্বই ৮ লাখ মানুহে নাগৰিকত্ব পাব বুলি কোৱাটো হাস্যকৰ।'
  • 'মইনবড়ী সত্ৰ মুছলমানৰ কাৰণে উঠি অহা নাছিল, খহনীয়াৰ কাৰণেহে সৰভোগলৈ উঠি আহিছিল বুলিও মন্তব্য অখিল গগৈৰ।'
  • 'সত্ৰ এতিয়া বিজেপিৰ বাবে সাম্প্ৰদায়িকতা বুলিও সংবাদমেলত মন্তব্য অখিলৰ।'
  • 'শিলচৰত হিমন্ত বিশ্বই কৈছিল যে কোনো হিন্দু ভাৰতত বিদেশী হ'ব নোৱাৰে।'
  • 'তেওঁলোকে কয় নাগৰিকত্ব সংশোধনী বিধেয়ক সৰ্বভাৰতীয়।'
  • গৃহ মন্ত্ৰীয়েও কৈছে বিদেশীৰ বোজা কেৱল অসমে ল'ব নালাগে। গোটেই পৃথিৱীৰ হিন্দুক অনাৰ কথা কৈছে বিজেপিয়ে। সংবাদমেলত মন্তব্য অখিল গগৈৰ।
  • 'বিগত ৫ বছৰত বিজেপিয়ে একো উন্নয়ন কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় – উন্নয়ন এতিয়া বিজেপিৰ ইছ্যু নহয়, তেওঁলোকৰ ইছ্যু এতিয়া কেৱল হিন্দুত্ব।'
  • 'হিন্দুত্ব ইছ্যুৰ বাবেই ৰাম মন্দিৰ আনিব খুজিছিল।'
  • অসমৰ ১৭টা সমষ্টি মুছলমানৰ হাতলৈ যাব বুলি কোৱাটো হাস্যকৰ বুলিও সংবাদমেলত মন্তব্য অখিলৰ।
  • 'বৰাকৰ সোণাই, বৰকলা, উদাৰবন্দত কেতিয়া অসমীয়া মানুহ জিকিছিল বুলি প্ৰশ্ন।'
  • 'সৰ্বানন্দ সোণোৱালক সেই সমষ্টিৰ জিকাই আনিবলৈ প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাক।'
  • 'লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰীৰ পৰা বাচিবলৈ বিজেপিলৈ গৈছে হিমন্ত বিশ্ব শৰ্মা।'
  • 'আজি সেইজন মানুহে নিজকে মহাদেৱ বুলি কয়।'
  • 'হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিক দাসত্বৰ চুক্তি বুলি কয়, অসমৰ সকলো সমস্যাৰ মূল হেনো অসম চুক্তি।'
  • 'নাগৰিকত্ব সংশোধনী বিধেয়ক আনিবলগাৰ কাৰণ হেনো অসম চুক্তি।'
  • 'বিজেপিৰ ভিজন ডকুমেণ্টক গীতা জ্ঞান কৰিম বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই।'
  • 'ভিজন ডকুমেণ্টৰ প্ৰতিটো কথা পালন কৰিম বুলি কৈছিল।'
  • 'ভিজন ডকুমেণ্টৰ ১০ পৃষ্ঠাত আছে অসম চুক্তি ৰূপায়ণৰ কথা।'
  • নিজেও অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিল হিমন্ত বিশ্ব। আছু, অগপই ইয়াৰ সদুত্তৰ দিয়া প্ৰয়োজন বুলিও সংবাদমেলত ক'লে অখিল গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in