গৃহভূমি চেলেংহাটত অখিল গগৈৰ মুক্তিৰ দাবীত আটাছুৰ মানৱ শৃংখল…

গৃহভূমি চেলেংহাটত অখিল গগৈৰ মুক্তিৰ দাবীত আটাছুৰ মানৱ শৃংখল…

ডিজিটেল সংবাদ, মৰিয়নিঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আটাছুৰ যোৰহাট জিলা সমিতিয়ে আজি চেলেংহাটত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী। অখিল গগৈৰ গৃহ ভূমি চেলেংহাটৰ ৰহঢলাৰ সমীপৰ ঐতিহাসিক ধোদৰ আলিত আটাছুৰ উদ্যোগত কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ, বিতু সোনোৱাল আৰু মানস কোঁৱৰক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ দাবীত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্থ কৰে।

প্ৰতিবাদ কাৰী সকলে লক ডাউনৰ নীতি নিয়ম পালন কৰি হাতে হাতে অখিল গগৈৰ ফটো আৰু প্লে কাৰ্ড লৈ অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, নিয়া নহয় আমাক ন্যায় লাগে, গনতন্ত্ৰ ৰক্ষা কৰক, বি জে পি গ' বেক, ষড়যন্ত্ৰ বন্ধ কৰক, অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক আদি শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। আনহাতে প্ৰতিবাদত অংশ গ্ৰহণ কৰি আটাছুৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈয়ে কয় যে, "কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিতু সোনোৱাল, মানস কোঁৱৰ আৰু দেৱাংগনা কলিতাক বিজেপি চৰকাৰে অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে।

অখিল গগৈৰ উপাধীটোৱে এতিয়া আক্ৰোশ মুলক বিষয় হৈ পৰিছে নেকি! আহোম লোক সকলক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ভাবে একাংশই টাৰ্গেত কৰি লোৱা লগতে অখিল গগৈক যদি উপাধীটোৰ বাবে বলি পঠা সজাব বিচাৰিছে তেন্তে আটাছুৱে এইয়া কেতিয়াও সহ্য নকৰে"। আনহাতে প্ৰতিবাদত কৃষক মুক্তিৰ যোৰহাট জিলা সমিতিৰ সম্পাদক অৰিন্দম গগৈয়ে অংশগ্ৰহণ কৰি কয় যে,  "বিজেপি চৰকাৰে ৰাজনৈতিক আক্ৰোশ মুলক ভাৱে অখিল গগৈ, ধৈৰ্য্য কোঁৱৰহতক বন্দী কৰি ৰাখিছে। 'কা'ৰ বিৰোধে আন্দোলন মাত্ৰ অখিল গগৈয়ে বা কৃষক মুক্তিয়ে কৰা নাছিল।

কাৰাগাৰত থকা অৱস্থাত অখিল গগৈ,ধৈৰ্য্য কোঁৱৰ, বিতু সোনোৱালৰ কভিড-১৯ পজিটিভ ওলোৱাটো চৰকাৰৰ নিকৃষ্ট ষড়যন্ত। যদি কেনেবাকৈ এজন নেতাৰো কিবা হ'বলৈ হয় ইয়াৰ ভয়ংকৰ পৰিনাম সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে ভূগিবলৈ সাজু থাকক" বুলি কৃষক নেতা গৰাকীয়ে সকীয়াই দিয়ে। প্ৰতিবাদত আটাছুৰ যোৰহাট জিলা সমিতিৰ যুতীয়া সম্পাদক মন্টু ফুকন, ললিত গগৈকে ধৰি আটাছু আৰু কৃষক মুক্তিৰ বহু সংখ্যক সদস্যই অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in