অখিলক গুলিয়াই মাৰ, পৰিয়ালটোকো মাৰি পেলা, তহঁতেই ৰাজপাট খাঃ অখিলৰ মাতৃ…

অখিলক গুলিয়াই মাৰ, পৰিয়ালটোকো মাৰি পেলা, তহঁতেই ৰাজপাট খাঃ অখিলৰ মাতৃ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কৃষক নেতা অখিল গগৈৰ বহু প্ৰত্যাশিত জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চতম ন্যায়ালয়ে।ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজৰ দল আৰু ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ সদস্য সকলে এই ৰায়দানৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছে।

ইফালে অখিল গগৈৰ মাতৃয়েও অধীৰ আগ্ৰহেৰে ৰৈ আছিল পুত্ৰৰ মুক্তি লাভ খবৰ শুনিবলৈ। অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ খবৰ পাই কান্দি উঠিছে তেওঁৰ মাতৃ প্ৰিয়ম্বদা গগৈয়ে।কান্দি কান্দি চৰকাৰত সমালোচনা কৰিছে মাতৃয়ে।

মোক আৰু মা বুলি মাতিবলৈ নেদেখিবি বুলি কান্দোনত ভাগি পৰিছে তেওঁ। চিন্তা কৰি কৰি ধৈৰ্যৰ সীমা পাৰ হোৱা অখিল গগৈৰ মাতৃয়ে এয়া সোনোৱাল চৰকাৰক হথকাৰী সিদ্ধান্ত লৈছে বুলি ক্ষোভ উজাৰিছে তেওঁ।

কান্দি কান্দি তেওঁ তাকো মাৰ মোকো মাৰ পৰিয়ালটোকে মাৰ আৰু তহঁতে ৰাজপাট খা বুলি কৈ সোনোৱাল চৰকাৰক তেওঁৰ পৰিয়ালটোক গুলিয়াই থৈ যাবলৈ আহ্বান কৰিছে কৃষক নেতাজনৰ মাতৃয়ে। প্ৰিয়ম্বদা গগৈয়ে অখিলে এনে কি বেয়া কাম কৰিলে বুলিয়েও প্ৰশ্ন কৰিছে ।

উল্লেখ্য যে, বিগত প্ৰায় বহুমাহ ধৰি বিভিন্ন গোচৰত গুৱাহাটী কাৰাগাৰত বন্দী হৈ আছে অখিল গগৈ।আনফালে বৃহস্পতিবাৰে অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ খবৰ পাই মৰাণত অনুষ্ঠিত ৰাইজৰ দলৰ অভিৱৰ্তনটো দলীয় নেতৃবৃন্দই প্ৰতিবাদ সাৱস্ত্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in