আশাহত অখিল! বিৰোধী শক্তিয়ে ভেটিব নোৱাৰে বিধেয়ক

আশাহত অখিল! বিৰোধী শক্তিয়ে ভেটিব নোৱাৰে বিধেয়ক

ডিজিটেল ডেস্কঃ মঙলবাৰে ৰাজ্যসভাত উত্থাপন হ'ব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক। অন্তিম ক্ষণটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত বিৰোধী ৰাজনৈতিক নেতাক সাক্ষাতেৰে বিধেয়কৰ বিৰুদ্ধে মত গ্ৰহণৰ বাবে আপ্ৰান চেষ্টা চলাইছে কৃষক নেতা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ চাংমাইসহ ৭০ সংগঠনৰ প্ৰতিনিধিয়ে। বিধেয়ক বিৰোধী প্ৰতিবাদী নেতাকেইজনে সোমবাৰে সাক্ষাৎ কৰে বিজু জনতা দলৰ ৰাজ্যসভাৰ দলপতি প্ৰসন্ন আচাৰ্য, উপসভাপতি প্ৰসন্ন কুমাৰ পাটচানিৰ লগতে বহুকেইজন ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাক।

পূৰ্বেও দিল্লীত বহুকেইটা ৰাজনৈতিক দলক সাক্ষাত্‍ কৰি ৭০ সংগঠনৰ নেতৃত্বই বিধেয়কৰ বিৰুদ্ধে স্থিতি লবলৈ অনুৰোধ জনাইছিল।বিজু জনতা দলক সাক্ষাৎ কৰাৰ পিছতে বিধেয়কখনৰ বিৰোধিতাৰ প্ৰতিশ্ৰুতি দিয়ে দলটোৱে। গৃহমন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে দুপৰীয়া ১২ বজাত ৰাজ্যসভাত উত্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা বিধেয়কখন বাতিল যে কৰিব সেই কথাত সন্তুষ্ট হ'ব নোৱাৰিলে দিল্লীত বাহৰ পাতি থকা সংগ্ৰামী নেতা কেইজন।

ইতিমধ্যে লোকসভাত গৃহীত হোৱা বিধেয়কখন উত্থাপনৰ পিছতে ভোটৰ বাবে আগবঢ়োৱা হ'ব সংসদত। উল্লেখ্য যে, সংসদৰ বিশেষ অধিৱেশনত উপস্থিত নাথাকে ৪ বিৰোধী সাংসদ। বিশেষ কাৰণত ছুটীৰ আবেদন কৰি ৪ সাংসদে অনুমোদনো লাভ কৰা বুলি প্ৰকাশ কৰিছে এক সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in