শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

জৈৱিক পদ্ধতিৰ কৃষি-কৰ্মৰে উজলিছে ঘিলামৰাৰ অখিল

266

ডিজিটেল সংবাদ, ঘিলামৰাঃ বিগত ৩ বছৰে জৈৱিক পদ্ধতিৰে বিভিন্ন কৃষিকৰ্মৰ লগতে হাঁহ-কুকুৰা, ছাগলী পুহি স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে লখিমপুৰৰ ঘিলামৰা মইনাপৰাৰ যুৱক অখিল দত্তই।

চৰকাৰী চাকৰি আশা নকৰি অখিল দত্তই ১৫ বিঘা মাটিত ফাৰ্ম খুলি নিবনুৱাসকলক স্বাৱলম্বী হোৱাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে। দত্তৰ নিজা একক প্ৰচেষ্টাৰে খোলা ফাৰ্মত আছে ১৭২টা ছাগলী আৰু ৪২টা ছাগলী পোৱালি।

জৈৱিক পদ্ধতিৰে কৰা জিকা, কেৰেলা, কোমোৰা ইত্যাদিৰ পৰা দৈনিক ২-৩ হাজাৰ টকা উপাৰ্জন কৰে। ছাগলী বিক্ৰী কৰি মাহে ২৫ হাজাৰ টকা অৰ্জন কৰে দত্তই।

কিন্তু আজি পৰ্যন্ত চৰকাৰে যুৱকজনক কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই। অখিল দত্ত এতিয়া অঞ্চলটোৰ বাবে হৈ পৰিছে আদৰ্শ খেতিয়ক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি