শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

বিভিন্ন গোচৰত বাৰম্বাৰ অখিল গগৈক গ্ৰেপ্তাৰঃ গণতান্ত্ৰিক ব্যৱস্থাক লৈ চিন্তিত সচেতন মহল…

40

ডিজিটেল ডেস্কঃ কৃষক নেতা অখিল গগৈক বাৰে বাৰে মুকলি আকাশৰ তললৈ অহাৰ পথ ৰুদ্ধ কৰাক লৈ শেহতীয়াকৈ সমগ্ৰ ৰাজ্যৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অগণতান্ত্ৰিক তথা অন্যায়পূৰ্বকভাৱে কেইবাবাৰো জামিন লাভ কৰিও বাৰে বাৰে গগৈক গ্ৰেপ্তাৰ কৰাক লৈ বুদ্ধিজীৱি অপূৰ্ব বৰুৱা, সাংসদ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, কবি অশোক বাজপেয়ী আৰু জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে এই বিষয়টোক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃত্তি জাৰি কৰে।

এই বিবৃত্তিত, জামিন প্ৰদানৰ পাছত অখিল গগৈক বিভিন্ন গোচৰত বাৰম্বাৰ গ্ৰেপ্তাৰ কৰাক লৈ ইয়াৰ প্রভাৱ গণতন্ত্ৰত কেনেদৰে পৰিব তাক লৈ চিন্তিত বুলি উল্লেখ কৰিছে। এখন বৈঠকত দিয়া ভাষণৰ পাছত এন এচ এ-য়ে ২০১৭চনৰ ১৩ ছেপ্টেম্বৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল। টাইমছ অৱ ইণ্ডিয়াই ২১ ছেপ্টেম্বৰ, ২০১৭ৰ এক ৰিপৰ্ট কৰিছিল যে এন এছ এ-য়ে দিয়া অভিযোগত অসমৰ বহু কেইখন আৰক্ষী থানাত ১২টাকৈ গোচৰ ৰুজু কৰা হৈছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিটেনশ্যনৰ নিৰ্দেশ খাৰিজ কৰিছিল। অৱশ্যে তেওঁৰ ওপৰত তাৰ পাছতো চৰকাৰে অভিযোগ উত্থাপন কৰিছিল যি অভিযোগ প্ৰমাণ কৰিব পৰা নগ’ল।

লগতে বিবৃত্তিটোত কোৱা হৈছে, শেহতীয়াকৈ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন কৰাক লৈ ১২ ডিচেম্বৰ, ২০১৯ত আৰক্ষীয়ে যোৰহাটত অখিল গগৈক গ্ৰেপ্তাৰ কৰি এন আই এক চমজি দিছিল। এন আই এ-য়েও ৯০দিনৰ পাছত তেওঁৰ বিৰুদ্ধে মাওবাদীৰে জড়িত গোচৰসমূহ প্ৰমাণিত কৰাত বিফল হয়। আৰু এন আই এৰ বিশেষ আদালতে তেওঁৰ জামিন আৱেদন মঞ্জুৰ কৰে। কিন্তু জামিন মঞ্জুৰৰ পাছতেই পুনৰ শিৱসাগৰ আৰক্ষীয়ে তেওঁক আন গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। ১৯ মাৰ্চত চাৰিদিনৰ জিম্মাত শিৱসাগৰ আৰক্ষীয়ে কৃষক নেতাগৰাকীক ৰাখে। তাৰপাছত ২৬ মাৰ্চত পানবজাৰ আৰক্ষী থানাত ৰুজু হোৱা আন এক গোচৰত জামিন মঞ্জুৰ কৰা হয় তেওঁৰ। এই গোচৰো ‘কা’ বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল।

ইফালে, ২৮ মাৰ্চত ২৯০নং গোচৰৰ সন্দৰ্ভত তেওঁক ন্যায়ালয়ত হাজিৰ কৰা হয়। কিন্তু সেইদিনাও গগৈয়ে দাখিল কৰা জামিন আৱেদন মঞ্জুৰ কৰা হয়। কিন্তু চৰকাৰী অধিবক্তাই ন্যায়ালয়ক অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা আনবোৰ গোচৰৰ সন্দৰ্ভত অৱগত নকৰে। কিন্তু ন্যায়ালয়ক এই সন্দৰ্ভত অৱগত কৰাতো তেওঁৰ দায়িত্ব আছিল।

অখিল গগৈক এনেদৰে বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি তেওঁৰ ব্যক্তিগত স্বতন্ত্ৰতাৰ উলংঘা কৰা হৈছে বুলিও অভিযোগ উত্থাপন হৈচে। লগতে অভিযোগ উত্থাপন হৈছে যে গগৈৰ স্বাস্থ্য দিনকদিনে অৱনতি ঘটিছে। কিন্তু জেল কৰ্তৃপক্ষই এই সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই। গতিকে এন আই এ-য়েৰ বিশেষ আদালতে গগৈৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিয়াৰ বাবে নিৰ্দেশ দিয়ে।। কিন্তু অসুস্থ থকাৰ পাছতো তেওঁক চিকিৎসাধীন কৰা নহয়। কেৱল দিনটোত এয়া সময়ত হাস্পতাললৈ নি জুনিয়ৰ ডাক্টৰৰ দ্বাৰা তেওঁৰ স্বাস্থ্য চোৱাচিতা কৰা হয়।

বিশিষ্ট ব্যক্তিকেইজনে আক্ষেপ প্ৰকাশ কৰি কয়, অখিল গগৈৰ স্বাস্থ্য অধিক অৱনতি ঘটিছে বুলি আমাৰ সন্দেহ। কিয়নো উচ্চতম ন্যায়ালয়ে কোৰোনা ভাইৰাছৰ সংক্ৰমণ দেশত বৃদ্ধি হোৱাক লৈ একাংশ দোষীক কাৰাগাৰৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। আমি ন্যায়ালয়ক অনুৰোধ জনাইছো যাতে এই সন্দৰ্ভত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হওঁক। চৰকাৰৰ বিৰুদ্ধে মাত মতা লোকসকলৰ বিৰুদ্ধে এনে ৰাজনীতি চলাতো বন্ধ হ’ব লাগে। এইবোৰ বিষয়ে গণতন্ত্ৰৰ নিয়ম-নীতি ভংগ কৰিছে। উল্লেখ্য যে, শেহতীয়াকৈ এক গোচৰত শিৱসাগৰ কাৰাগাৰৰ পৰা চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অখিল গগৈক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি