লিকাবালিৰ আকাশী গংগাত সহস্ৰাধিক ভক্তৰ সমাগম…

লিকাবালিৰ আকাশী গংগাত সহস্ৰাধিক ভক্তৰ সমাগম…

ডিজিটেল সংবাদ, চিলাপথাৰঃ ঐতিহাসিক আকাশীগঙ্গাত হেজাৰ হেজাৰ দৰ্শনাৰ্থীৰ সমাগম হয় ৷ ঠেৰেঙা লগা প্ৰচণ্ড শীতকো নেওচি পুতঃস্নানৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল অসংখ্য লোক ৷ জল প্ৰপাতৰ সংলগ্ন মন্দিৰত নৈবেদ্য অৰ্পন কৰি কুশল মংগল কামনা কৰাৰ লগতে পূণ্য অৰ্জনৰ বাবে স্নান কৰিছে অজস্ৰজনে৷

চিলাপথাৰৰ পৰা ১৪ কিলোমিটাৰ নিলগৰ অৰুণাচল প্ৰদেশ নামনি চিয়াং জিলাৰ আলং পথত অৱস্থিত এই মনোমোহা জল প্ৰপাত আকাশী গঙ্গা৷ পথৰ পৰা ৮০০ টা নিম্নমুখী খটখটীয়া যাত্ৰা কৰিলেই পোৱাৰ যায় এক নিৰবধি নিৰ্মল জলধাৰা ৷ দুখন সুউচ্চ পাহাৰৰ মাজেৰে কুলু কুলু ধ্বনিৰে বৈ আহিছে এই জলধাৰা ৷ বৰষুণৰ পানীৰ দৰে আঁকাশৰ পৰা পৰি থকাৰ দৰে ধাৰণা হয় বাবে জলপ্ৰপাতটো আঁকাশী গঙ্গাৰ ৰূপে যুগ যুগৰ পৰা পৰিচিত ৷

জনবিশ্বাস মতে এই জলধৰাত স্নান কৰিলে জীৱনকালত কৰা সমস্ত পাপ মোচন হয় ৷ একাংশৰ মতে দ্বাৰকেশ্বৰ শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীক পলুৱাই আনি এই মনোমোহা জল প্ৰপাততে ক্ষন্তেক বিশ্ৰাম লৈছিল৷ দৰ্শনাৰ্থীৰ বাবে মাস্ক লগোৱা বাধ্যতামূলক কৰাৰ লগতে সকলোধৰণৰ ভিডিঅগ্ৰাফী বন্ধ কৰিছে লিকাবালিৰ প্ৰশাসনে ৷ দৰ্শনাৰ্থীৰ সুবিধা হোৱাকৈ বৃহস্পতিবাৰৰ পৰা তিনি দিনৰ বাবে শিথিল কৰিছে আন্তঃৰাজ্যিক পাৰ পত্ৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in