প্ৰতিবাদ দেখি সলনি কৰিলে সিদ্ধান্ত, বন্ধ নহয় ‘আকাশবাণী ডিব্ৰুগড়’…

প্ৰতিবাদ দেখি সলনি কৰিলে সিদ্ধান্ত, বন্ধ নহয় ‘আকাশবাণী ডিব্ৰুগড়’…

এলাগী হোৱাৰ পথত আকাশবাণী ডিব্ৰুগড়। ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছিল ইয়াৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা ৰাজ্যৰ দ্বিতীয়টো আকাশবাণী কেন্দ্ৰ বন্ধ হ'ব বুলি প্ৰচাৰিত খবৰে উজনি অসমবাসীক আৱেগিক কৰি তুলিছিল। কিন্তু আহিছে এক ভাল খবৰ। তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে লৈছে আন এক সিদ্ধান্ত। কি সিদ্ধান্ত ল'লে? সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

দিল্লীৰ পৰা আহিছে ভাল খবৰ। সাময়িক ভাৱে স্থগিত কৰা হৈছে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত। ব্যাপক প্ৰতিবাদৰ অন্তত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে সেই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। ১৬ ডিচেম্বৰ, ২০২০ত আকাশবাণীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ মন্ত্ৰী প্ৰকাশ জাৱেদকাৰৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল।

এই বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ প্ৰচাৰ ভাৰতীৰ ডিডিজি প্ৰকাশ ভীৰে দিয়া নিৰ্দেশ অনুসৰি ডিব্ৰুগড়কে ধৰি আকাশবাণীৰ কেইবাটাও কেন্দ্ৰ একলগ কৰাৰ সিদ্ধান্ত স্থগিত কৰা হৈছে।

উল্লেখ্য যে, ১৮ নবেম্বৰ, ২০২০ত প্ৰচাৰ ভাৰতী অপাৰেশ্যন শাখাৰ ডিডিজি প্ৰকাশ ভীৰে এক নিৰ্দেশ প্ৰেৰণ কৰিছিল। দেশৰ ব্ৰডকাষ্ট অপাৰেশ্যনৰ ই ইন চি, আকাশবাণী সকলোবোৰ আঞ্চলিক মুৰব্বীলৈ প্ৰেৰণ কৰা এই নিৰ্দেশত আকাশবাণী সংস্কাৰৰ নামত কিছু পদক্ষেপ লোৱাৰ কথা কোৱা হৈছিল।

পি-১/০১(৩২)/২০২০ নিৰ্দেশত কোৱা হৈছিল যে, আকাশবাণী সন্দৰ্ভত কিছু নীতি সলনি কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। ২৯ ছেপ্টেম্বৰ, ২০২০ আৰু ১৪ অক্টোবৰ, ২০২০ত লোৱা সিদ্ধান্ত মৰ্মে কেইবাটাও আকাশবাণীৰ কেন্দ্ৰ সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে প্ৰচাৰ ভাৰতীয়ে।

এই সিদ্ধান্তৰ সপক্ষে যুক্তি দৰ্শাই বৰ্তমান সময়ৰ প্ৰতিযোগিতামূলক বজাৰ আৰু আন ব্যৱসায়িক ভিত্তিত সম্প্ৰচাৰ হোৱা পাব্লিক ছাৰ্ভিং ব্ৰডকাষ্টিঙৰ সৈতে মান আৰু বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব দিয়া লক্ষ্যৰে এনে পদক্ষেপ ল'বলৈ আগবঢ়া হৈছে।

সেই অনুসৰি আকাশবাণী সেৱা সমূহক মুঠ ৫টা ভাগত বিভক্ত কৰি সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।সেই সমূহৰ ভিতৰত ব'ৰ্ল্ড ছাৰ্ভিচ, নেইবাৰহুড ছাৰ্ভিচ, নেশ্যনেল ছাৰ্ভিচ, ৰিজিয়নেল পাব্লিক ছাৰ্ভিচ আৰু লেংগুৱেছ স্পেচেফিক এন্টাৰটেইমেন্ট ছাৰ্ভিচ ডিডি ফ্ৰী ডিছ যোগে আকাশবাণীৰ কেন্দ্ৰসমূহৰ জৰিয়তে সম্প্ৰচাৰ কৰিবলৈ সিদ্ধান্ত লয়।

লগতে কোৱা হয় ডিডি ফ্ৰী ডিছে এক বিশাল অঞ্চল সামৰি লোৱাৰ বাবে বহুবোৰ আকাশবাণী কেন্দ্ৰৰ প্ৰয়োজন নহ'ব। ৱৰ্ল্ড ছাৰ্ভিচ আৰু নেইবাৰহুড ছাৰ্ভিচত বিদেশী ভাষাৰ বিশ্বৰ প্ৰেক্ষাপটক লৈ অনুষ্ঠান সম্প্ৰচাৰ কৰা বিপৰীতে নেশ্যনেল ছাৰ্ভিচত মুলতঃ ২৪ ঘন্টাৰ লাইভ বাতৰি ক্ৰমে- সংস্কৃত, হিন্দী, ইংৰাজীৰ জৰিয়তে সম্প্ৰচাৰ বা বাতৰিমূলক অনুষ্ঠান বিভিত ভাৰতী, ৰাগাম আদি অনুষ্ঠানৰ সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

ৰিজিয়নেল পাব্লিক ছাৰ্ভিচৰ অধীনত এজন ৰাজ্যত সম্প্ৰচাৰ হৈ থকা মুল আকাশবাণী কেন্দ্ৰটোৰ জৰিয়তে আন ঠাই থকা কেন্দ্ৰসমূহক এক প্ৰকাৰৰ বন্ধ কৰি সেই আকাশবাণী কেন্দ্ৰটোক ৰিজিয়নেল পাব্লিক ছাৰ্ভিচৰ অধীনত সম্প্ৰচাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।

অৱশ্যে কমন ৰিজিয়নেল পাব্লিক ছাৰ্ভিচ নীতি অনুসৰি এখন ৰাজ্যত কেৱল মাত্ৰ এটা আকাশবাণী কেন্দ্ৰৰ জৰিয়তে অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ নীতি গ্ৰহণ কৰাত মৃত্যু ঘটনা বাজিছিল আকাশবাণী ডিব্ৰুগড়ত।

জম্মু-কাশ্মীৰ, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু চণ্ডীগড়ক বাদ দি সমগ্ৰ দেশতেই এনে ব্যৱস্থাৰে আকাশবাণীৰ অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ বাবে নিৰ্দেশ আহিছিল যদিও, অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ প্ৰতিবাদ হৈছিল।

গুৱাহাটী আকাশবাণী কেন্দ্ৰটোত আকাশবাণী অসম নামেৰে নামাকৰণ কৰি ইয়াৰ অধীনত ডিব্ৰুগড়, শিলচৰ, কোকৰাঝাৰ আৰু তেজপুৰ আকাশবাণী কেন্দ্ৰ কেইটাৰ সম্প্ৰচাৰ বন্ধ কৰি দি তাত কিছু অনুষ্ঠান প্ৰস্তুত কৰি আকাশবাণী গুৱাহাটীৰ জৰিয়তে সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল।

এনে পদক্ষেপৰ বিৰুদ্ধে বিশেষকৈ ডিব্ৰুগড়ত ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছিল। লক্ষণীয় যে, উজনি অসমত আকাশবাণী ডিব্ৰুগড়ৰ আছে যথেষ্ট প্ৰভাৱ। ১৯৬৯চনৰ ১৫ ফেব্ৰুৱাৰীত অসমৰ দ্বিতীয়টো আকাশবাণী কেন্দ্ৰৰ শুভাৰম্ভ হৈছিল।

সেই সময়ত লেপেতকটাৰ পৰা আৰম্ভ হৈছিল আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠানৰ সম্প্ৰচাৰ। পৰৱৰ্তী সময়ত ১৯৭৫চনত ডিব্ৰুগড়ৰ কনভয় পথলৈ আৰু ১৯৯৭চনৰ ১১ জুনত বৰ্তমানৰ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰটোৰ পৰা অনুষ্ঠান সম্প্ৰচাৰিত হয়।

আকাশবাণী ডিব্ৰুগড়ৰ জৰিয়তে উজনি অসমত সাহিত্য-সংস্কৃতিৰ উল্লেখযোগ্য বিকাশ হৈছিল। আকাশবাণীৰ জৰিয়তে সম্প্ৰচাৰ হোৱা অনুষ্ঠানৰ মাধ্যমেৰে প্ৰতিষ্ঠা লাভ কৰিছিল বহু শিল্পীয়ে। এটা সময়ত আকাশবাণী ডিব্ৰুগড়ে আছিল সেই অঞ্চলৰ একমাত্ৰ গণ মাধ্যম।

অসমৰ নাট্য জগতলৈও আকাশবাণী ডিব্ৰুগড়ৰ আছে অৱদান। আকাশবাণী ডিব্ৰুগড়ৰ জৰিয়তে সম্প্ৰচাৰ হোৱা বহু নাটকে ৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান লাভ কৰিছিল। কৃষক সকলৰ বাবেও আকাশবাণী ডিব্ৰুগড়ৰ জৰিয়তে প্ৰচাৰ হৈছিল কৃষকৰ অনুষ্ঠান।

শিক্ষা, সংস্কৃতি সকলো দিশতে আকাশবাণী ডিব্ৰুগড়ৰ অৰিহণা থকাই নহয়, বিনোদনৰ ক্ষেত্ৰত সুৰৰ পানচৈ, ফুনিন, সুৰৰ সাদৰী, গঞা ৰাইজৰ অনুষ্ঠান, পুতাইলৈ চিঠি, বৰ্ণালী আদি আকাশবাণী ডিব্ৰুগড়ৰ জনপ্ৰিয় অনুষ্ঠান আছিল।

শ্ৰোতা ৰাইজৰ মাজত আকাশবাণী ডিব্ৰুগড়ৰ আছে বিশেষ ভাবমূৰ্তি। এক আত্মীয়তাৰে আকাশবাণী ডিব্ৰুগড় অনুষ্ঠান আজিও সেই অঞ্চলবাসীয়ে শুনি আহিছে। সুদীৰ্ঘ প্ৰায় ৫০ বছৰ কাল এই আকাশবাণী কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলবাসী যথেষ্ট উপকৃত হৈ আহিছে।

যি সময়ত প্রধান মন্ত্ৰী মোডীয়ে আকাশবাণীৰ জৰিয়তে দেশবাসীক মনৰ কথা কয়, তেনে সময়তে সৰু সৰু চহৰবোৰত থকা আকাশবাণীৰ কেন্দ্ৰসমূহ ব্যৱসায়িক লোকচানৰ দোহাই দি বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত অভূতপূৰ্ব প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আকাশবাণী ডিব্ৰুগড়ৰ ক্ষেত্ৰত তেনে সিদ্ধান্ত নল'বলৈ অনুৰোধ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াও অনুৰূপ ধৰণে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

ইফালে, স্থানীয় দল-সংগঠনসমূহেও ইয়াৰ বিৰু্দ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই কেন্দ্ৰটো বন্ধ হ'লে ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰত অংশকালীন চাকৰিত কৰ্মৰত বহু সংখ্যক লোক কৰ্মসংস্থাপন হ'ল হয়। ইয়াৰ উপৰিও সাংস্কৃতিক, সাহিত্য আৰু বৌদ্ধিক দিশতো এনে সিদ্ধান্তই নেতিবাচক প্রভাৱ পেলালে হেঁতেন।

ৰাইজৰ প্ৰতিবাদৰ পাছত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এই সিদ্ধান্ত সাময়িকভাৱে বাতিল কৰিলেও কোনো কাৰণতে যাতে আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড় বন্ধ কৰাৰ সিদ্ধান্ত নলয় তাৰ বাবে ৰাইজে মোডী চৰকাৰক দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in