অসম জাতিয়তাবাদী যুৱ পৰিষদৰ চুঙাজান আঞ্চলিক সমিতি গঠন…

অসম জাতিয়তাবাদী যুৱ পৰিষদৰ চুঙাজান আঞ্চলিক সমিতি গঠন…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ চুঙাজানৰ নাওকটা ক্লাৱত অসম জাতীয়তাবাদীৰ যুৱ পৰিষদৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। অসম জাতীয়তাবাদীৰ যুৱ পৰিষদ ধনশিৰি মহকুমাৰ সভাপতি ৰাকেশ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্য কৰে গোলাঘাট জিলা সমিতিৰ সম্পাদক নিপন গগৈয়ে।

উল্লেখ্য যে উক্ত সভাতেই হিৰেন গগৈক উপদেষ্টা, জিতমান লামাক সভাপতি,কিৰণ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী একত্ৰিশ জনীয়া সমিতি গঠন কৰা হয়।সভাত ধনশিৰি মহকুমাৰ সাধাৰণ সম্পাদক শান্তনু চেতীয়া আৰু ধনশিৰি মহকুমাৰ কাৰ্যকৰি সভাপতি কুলদ্বীপ সন্দিকৈ উপস্থিত থাকে।

নৱ গঠিত সমিতিখনে অসম-নগালেণ্ড সীমান্তৰ বিভিন্ন সমস্যাৰে পৰিপূৰ্ণ অঞ্চলটোৰ সমস্যাসমূহ সমাধানৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ বুলি আশা প্ৰকাশ কৰে ধনশিৰি মহকুমাৰ কাৰ্যকৰি সভাপতি কুলদ্বীপ সন্দিকৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in