হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদানৰ দাবীত ৰাজ্যত এতিয়াও প্ৰতিবাদ চলি আছে। সোমবাৰে সন্ধিয়া শিৱসাগৰত হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক জোঁৰ সমদল বাহিৰ কৰে। সংগঠনটোৰ কেইবা শতাধিক সদস্যই জোঁৰ লৈ বৃহৎ সমদল কৰি নগৰৰ ষ্টেচন চাৰিআলিৰ বৰপুখুৰী পাৰেদি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখেদি আহি দ'লমুখ চাৰিআলিত সমবেত হয়। প্ৰতিবাদকাৰী সকলে বিজিপি চৰকাৰ মুৰ্দাবাদ, বিজেপি নেতাকৰ্মীক এঘৰীয়া কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, কামাখ্যা প্ৰসাদ তাচা মুৰ্দাবাদ, হিন্দু বাংলাদেশীৰ হৈ ওকালতি নচলিব আদি শ্ল'গানেৰে শিৱসাগৰৰ ৰাজ পথ উত্তাল কৰি তোলে।

জোঁৰ সমদলত অংশ লৈ সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কুল প্ৰসাদ শইকীয়াই কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলি বিৰোধিতা কৰাৰ বিপৰীতে জাতি মাটি ভেটিৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কিন্তু এই জাতিধ্বংশী বিধেয়কখন সমগ্ৰ ভাৰতবৰ্ষৰবাবে গৃহীত হব বুলি কৈ অসমীয়া জাতিক চুড়ান্ত ভাৱে প্ৰতাৰণা কৰিছে। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কথা কোৱা ব্যক্তিয়ে হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰাটো অত্যন্ত লজ্জাজনক বিষয় বুলি মন্তব্য কৰে।

আনহাতে সংগঠনটোৰ শিৱসাগৰ জিলাৰ সভাপতি দিব্যজ্যোতি দাস আৰু সাধাৰণ সম্পাদক গৌতম গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই হিন্দু বাংলাদেশীৰ পক্ষ লোৱাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই ৮৫৫ জন শ্বহীদৰ কেঁচা তেজক অৱমাননা কৰিছ বুলি উল্লেখ কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ হিন্দু বাংলাদেশীক সংস্থাপিত কৰি লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ বাবে অসমৰ বিভিন্ন ধৰ্মালম্বী লোকৰ মাজত সাম্প্ৰদায়িক সংঘাট বৃদ্ধিৰ বাবে পৰোচনামূলক বক্তব্য আগবঢ়োৱাতো জাতিটোৰ বাবে দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in