‘কা’ বাতিলৰ দাবীত গুৱাহাটী কপাঁলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে…

‘কা’ বাতিলৰ দাবীত গুৱাহাটী কপাঁলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে…

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন,২০১৯(কা) বাতিলৰ দাবীত এক বৃহত মটৰ চাইকেল সমদল বাহিৰ কৰা হয়।

গুৱাহাটী ৰটাৰী ক্লাৱৰ পৰা ওলোৱা সমদলটো উলুবাৰী চাৰিআলি হৈ গণেশগুৰি উৰণীয়া সেতুৰ তলেৰে চানমাৰী হৈ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত ইতি পৰে। প্ৰায় ২শতাধিক মটৰ চাইকেলেৰে অংশগ্ৰহণ কৰা সমদলটোত কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ ৰৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাই, মুখ্য উপদেষ্টা কমল ভৰালীৰ লগতে কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীনমণি ভূঞা, সাধাৰণ সম্পাদক প্ৰদীপ মজুমদাৰসহ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে। সমদলটোত অংশগ্ৰহণ কৰা প্ৰতিবাদীসকলে কা বাতিল কৰক, কা কোনো কাৰনতে মানি লোৱা নহ'ব, কেন্দ্ৰীয় চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, জয় আই অসম আদি ধ্বনিকে আকাশ বতাহঁ মুখৰিত কৰি তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in