দুৰ্গা পূজাত হিন্দু বাংলাদেশীক গৰু পিটন দিয়া বুলি ফেচবুক পোষ্ট দি আটক এজেৱাইচিৱপি নেতা

দুৰ্গা পূজাত হিন্দু বাংলাদেশীক গৰু পিটন দিয়া বুলি ফেচবুক পোষ্ট দি আটক এজেৱাইচিৱপি নেতা

ডিজিটেল সংবাদ, ওদালগুৰিঃ ফেচবুকত কৰা এটা পোষ্টৰ বাবেই জেললৈ যাব লগা হ'ল ওদালগুৰিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতা। সংগঠনটোৰ ওদালগুৰি জিলাৰ ডিমাকুচি আঞ্চলিক সমিতিৰ অন্তৰ্গত নাওবান্ধা শাখা সমিতিৰ সভাপতি প্ৰসন্ন দাসে বিগত ১৭ অক্টোৱৰৰ নিশা ১১:৪০ বজাত নিজৰ ফেচবুক একাউণ্টত এক পোষ্ট কৰিছিল।

উক্ত পোষ্টটোত নেতাজনে লিখিছিল যে 'আটাৰীঘাট দূৰ্গা পূজাত কেটামান হিন্দু বাংলাদেশীক গৰু পিটন দিলে'। কিন্তু উক্ত পোষ্টৰ পাছতেই ডিমাকুচি আৰক্ষীয়ে যুৱকজনক শনিবাৰে গ্ৰেপ্তাৰ কৰে। যুৱকজনৰ বিৰুদ্ধে পানেৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৫(এ) ধাৰাত ১০০/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

দেওবাৰে সন্ধিয়া ধৃত যুৱকজনক ওদালগুৰি আদালতত হাজিৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা যুৱকজনক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কোনো ধৰণৰ কথা কোৱাৰ পৰা বিৰত থাকে।

আনহাতে যুৱকজনক কিহৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে সেই সন্দৰ্ভতো আৰক্ষীয়ে কোনো ভাষ্য প্ৰদানৰ পৰা বিৰত থাকে। আদালতৰ চৌহদত এগৰাকী দুৰ্ধৰ্ষ অপৰাধীৰ দৰে যুৱকজনক সংবাদমাধ্যমৰ পৰা আতৰাই ঠেলি হেচি গাড়ীত তোলে আৰক্ষীয়ে। পাছত যুৱক জনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

ইফালে আদালত চৌহদত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা নেতা কণ্ঠ কুমাৰ দাসে অভিযোগ কৰি কয় যে এই সমগ্ৰ কাণ্ড সংঘটিত হৈছে ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াগৰাকীৰ ষড়যন্ত্ৰত। নেতাগৰাকীয়ে কয় যে এই ঘটনা অতি দুৰ্ভাগ্যজনক। এটি সাধাৰণ পোষ্ট ছ'চিয়েল মিডিয়াত লিখিছিল ধৃত নেতাজনে যদিও উক্ত মাৰপিটৰ ঘটনাত প্ৰসন্ন দাস জড়িত হোৱা নাছিল।

তথাপিও ফেচবুকৰ উক্ত পোষ্টটোৰ বাবে যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাটো দুৰ্ভাগ্যজনক। সেয়েহে প্ৰসন্ন দাসক ২৪ ঘণ্টাৰ ভিতৰত বিনাচৰ্তে মুক্তিৰ দাবী জনায় জিলা সমিতিয়ে। অন্যথা ২৪ ঘণ্টাৰ পাছত গণতান্ত্ৰিক আন্দোলনৰ লগতে মহকুমা আৰক্ষী বিষয়া গৰাকীৰ বাসগৃহ ঘেৰাওৰ হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য যে পূৰ্ৱেও এইগৰাকী আৰক্ষী বিষয়াই ছাত্ৰ সংগঠনৰ নেতাক বিনাকাৰণত অপদস্থ কৰাৰ বাবে আন্দোলনত কঁপিছিল ভেৰগাওঁ মহকুমাৰ টংলা অঞ্চল। কিহৰ বাবে সাংবাদিকৰ আগত আৰক্ষীয়ে মুখ খোলাৰ পৰা বিৰত আছে সেয়া ৰহস্যজনক যদিও জিলা আৰক্ষী অধীক্ষকৰ সূত্ৰ‌ই জনোৱা মতে ধৰ্মীয় অনুভূতিত আঘাত হানিব পৰা মন্তব্য ফেচবুকত লিখাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in