অযোধ্যাত দেশবাসীক উদ্দেশ্যি কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

অযোধ্যাত দেশবাসীক উদ্দেশ্যি কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

ডিজিটেল ডেস্কঃ বুধবাৰে অযোধ্যাত আৰম্ভ হ'ল ৰাম কথাৰ এক নতুন অধ্যায়। ৪৯২ বছৰীয়া বিবাদ এতিয়া অযোধ্যাত অতিত হ'ল। বুধবাৰে শিলান্যাস সম্পন্ন হ'ল অযোধ্যাৰ ৰাম মন্দিৰৰ। ৰাম ভক্ত সকলৰ অগ্নিপৰীক্ষাৰ অন্ত পৰিল বুধবাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাম মন্দিৰৰ ভূমি পূজনৰ সমান্তৰালকৈ শিলান্যাস কৰিলে প্ৰস্তাৱিত ৰাম মন্দিৰৰ। দিল্লীৰ পৰা বায়ু সেনাৰ বিশেষ বিমান যোগে লক্ষ্ণৌ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী গৰাকী এখন বিশেষ হেলিকপ্তাৰ যোগে উপস্থিত হৈছিল অযোধ্যাত।

অযোধ্যাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আদৰি আনিলে প্ৰধানমন্ত্ৰী গৰাকীক। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী গৰাকী অযোধ্যাৰ হনুমান মন্দিৰত উপস্থিত হৈ ভগৱান ৰামৰ প্ৰধান ভক্ত হনুমানক পূজা অৰ্চনা কৰে। আৰু তাৰ পাছতেই নিৰ্ধাৰিত সময় অনুসৰিয়েই ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস কাৰ্যসূচী সমাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

বুধবাৰৰ ভূমি পূজন অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্য- 'ভগৱান ৰাম সকলোৰে বাবে। ৰাম সকলোৰে অন্তৰত আছে।আমি আগবাঢ়িলেহে দেশ আগবাঢ়িব। ভগৱান ৰামৰ এই মন্দিৰে যুগ যুগান্তৰলৈ মানৱতাৰ প্ৰেৰণা দি থকাৰ লগতে ভক্ত সকলৰ মাগদৰ্শক হৈ থাকিব। কোৰোনাৰ এই ভয়াবহতাৰ সময়ছোৱাত ভগৱান ৰামৰ আদৰ্শ অধিক প্ৰয়োজন। বৰ্তমান সময়ত দুই গজৰ ব্যৱধান আৰু মুখত মাস্ক অতিকৈ প্ৰয়োজন।'

ইয়াৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ বাসীক সম্বোধন কৰি কয় যে ভগৱান ৰাম আৰু জানকীয়ে সকলোকে সুখী ৰাখক আৰু স্বাস্থ্যৱান কৰি ৰাখক এইয়ে মোৰ প্ৰাৰ্থনা। সমূহ দেশবাসীয়s ভগৱান ৰামৰ আশীৰ্বাদ লাভ কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in