মাটিৰ পট্টা নিয়মীয়া কৰা চৰকাৰী কাম, অধিক প্ৰচাৰত ৰাজ্য চৰকাৰৰ বিফলতাহে প্ৰদৰ্শিত হৈছেঃ অজাপ…

মাটিৰ পট্টা নিয়মীয়া কৰা চৰকাৰী কাম, অধিক প্ৰচাৰত ৰাজ্য চৰকাৰৰ বিফলতাহে প্ৰদৰ্শিত হৈছেঃ অজাপ…

ডিজিটেল ডেস্কঃ বুধবাৰে অসম জাতীয় পৰিষদে বৰ্তমানৰ বিজেপি চৰকাৰখনক এক লিখিত প্ৰেছ বিজ্ঞপ্তিযোগে যোৱা ৫বছৰে কিমান পৰিয়ালে তেওঁলোকৰ আৱন্টিত মাটি, একচনা পট্টাৰ মাটি আৰু আৰু ম্যাদী পট্টাৰ মাটি গৰাখহনীত হেৰুৱালে সেইয়া জনাবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰিও তেনে কিমান পৰিয়ালে ৰা়জ্য চৰকাৰৰ শাসন কালত মাটিৰ পট্টা পালে আৰু কিমানে পোৱা নাই সেই সম্পৰ্কে জনাবলৈও ৰাজ্য চৰকাৰ খনৰ প্ৰত্যাহ্বান জনাইছে অজাপই।

বিবৃতিখনত, তেনে কৰিলে বিগত পাঁচ বছৰত চৰকাৰখন কিমান অদক্ষ আছিল সেইয়া ওলাই পৰিব বুলিও মন্তব্য কৰে অজাপৰ সভাপতিজনে। সভাপতি লুৰীণজ্যোতি গগৈয়ে বলপূৰ্বকভাৱে পট্টাৰ ম্যাদী ভূ-মাফিয়া আৰু আন কোনো দুৰ্বৃত্তই দখল কৰা সন্দৰ্ভত প্ৰাসংগিক আইনৰ অধীনত কিমান গোচৰ ৰাজ্য চৰকাৰখনে এতিয়ালৈকে ৰুজু কৰিছে আৰু তদন্তৰ পাছত তেনে কিমানটা গোচৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে তাৰ সংখ্যা মন্ত্ৰীসভাত উল্লেখ কৰিবলৈও প্ৰত্যাহ্বান জনাইছে ৰাজ্য চৰকাৰখনত।

ইয়াৰ লগতে, এই বিজ্ঞপ্তিযোগে সভাপতিজনে চৰকাৰে লাইকা-দধীয়া, বঢ়মপুৰ (বামুনী) আদিৰ দৰে অঞ্চলৰ ব্যৰ্থতা ঢাকিবলৈ মাটিৰ পট্টাৰ দিয়াৰ দৰে নিয়মীয়া কৰ্তব্যৰ বিষয়ে অত্যাধিক প্ৰচাৰ চলাইছে বুলিও মন্তব্য কৰিছে।তেওঁ কয় যে, কেইমাহমানৰ পৰা মাটিৰ পট্টা দিয়া কামটো ,ৰাজ্যৰ বিজেপি চৰকাৰখনে অতীতত এনে কাম কোনেও কৰা নাই বুলি পতিয়ন নিয়াবলৈ চেষ্টা চলাইছে।

ইয়াৰ উপৰিও চৰকাৰে আইনী ব্যৱস্থা অনুসৰিও খিলঞ্জীয়াক ভূমিপট্টা নিদি পুঁজিপতিৰ হাতত মাটিৰ পট্টা তুলি দিয়া কামত লাগি থাকিল বুলি মন্তব্য কৰি তেওঁ বিজেপি চৰকাৰখনক খিলঞ্জীয়া বিৰোধী আত্মঘাটীমূলক কামৰ পৰা বিৰত থাকিবলৈ সঁকিয়াই দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in