এজেপিৰ নেতা আবিদুৰ ৰহমানৰ পৰলোকপ্ৰাপ্তি…

এজেপিৰ নেতা আবিদুৰ ৰহমানৰ পৰলোকপ্ৰাপ্তি…

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ পুৰণিগুদামৰ আবিদুৰ ৰহমানৰ শণিবাৰে পৰলোক প্ৰাপ্তি ঘটে ৷ শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদকৰ দায়িত্বত থকা ৰহমানৰ মৃত্যুত শোকৰ চাঁ পৰিছে পুৰনিগুদামত ৷

পুৰনিৰগুদামৰ সামাজিক জীৱনৰে জৰিত ৰহমান দীৰ্ঘ দিন অসমৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰে জৰিত হৈ আছিল ৷ চামগুৰি বিধানসভা সমষ্টিৰ পৰা কেবাবাৰো নিৰ্বাচনত অংশ গ্ৰহণ কৰা আবিদুৰ ৰহমান(৭০) হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ শণিবাৰে পুৱা চিকিৎসাধীন অৱস্হাতে পুৱা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷

পুৰনিগুদাম মাজগাঁৱৰ বাসিন্দা প্ৰয়াত আবিদুৰ ৰহমানৰ মৃতদেহৰ জানাজা সন্ধ্যা ৬-৩০ বজাত সম্পন্ন কৰা হয় ৷ পুৰনিগুদাম কবৰস্হানত অগনন লোকৰ উপস্হিতিত ৰহমানক কবৰ দিয়া হয় ৷ মৃত্যুৰ সময়ত ৰহমানে পত্নী, কন্যাক এৰি থৈ গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in