ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ’লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী…

ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ’লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী…

ডিজিটেল সংবাদ ,ধেমাজিঃ অসম জাতীয় পৰিষদৰ ধেমাজি জিলাত যোগদানৰ প্ৰথম কাৰ্যসূচী হিচাপে দেওবাৰে ধেমাজি জিলাৰ ঐতিহাসিক ঘূগুৱা দ'লত এখনি সভা অনুষ্ঠিত হয়৷ পুৱা ১১ সভা স্হলীৰ প্ৰায় ৩ কি. মি নিলগৰ নৰোথানৰ পৰা অসম জাতীয় পৰিষদৰ আহবাহয়ক ত্ৰয় চিত্তৰঞ্জন বসুমতাৰী , হৰেন চুতীয়া আৰু শিৱ মৰাঙক অঞ্চলটোৰ দহ জোৰা গায়ন- বায়নেৰে সভা স্হলীলৈ আদৰি নিয়ে ৷

দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাখনৰ আতঁ ধৰে অসম জাতীয় পৰিষদৰ আহবায়ক চিত্তৰঞ্জন বসুমতাৰীয়ে৷ অঞ্চলটোৰ পাঁচ সহস্ৰাধিক লোক উপস্থিত থকা যোগদানৰ ৰাজহুৱা সভাখনত অসম গণ পৰিষদ,বি জে পি আৰু কংগ্ৰেছ দলৰ বৰ্তমান আৰু প্ৰাক্তন বিষয়- ববীয়া প্ৰায় তিনি সহস্ৰাধিক তিনিওটা দলৰ কৰ্মীয়ে অসম জাতীয় পৰিষদৰ দলত যোগদান কৰে৷ সভাত প্ৰত্যেককেই অসম জাতীয় পৰিষদৰ ফালৰ পৰা শুভেচ্ছা আৰু আদৰণি হিচাপে ফুলাম গামোচা আৰু দলীয় বসনেৰে সম্বৰ্ধনা জনায়৷

কাৰ্য্যসূচীৰ অন্তত সভাই আগন্তুক দিনত দ্ৰুতগতিত দলৰ সাংগঠনিক কাম কাজ চলাই নিয়াৰ বাবে মুখ্য আহবায়ক হিচাপে ভবিষ্যত দিহিঙীয়া, দেবেন দত্ত,মোলোক দাস, আহবায়ক হিচাপে ৰত্নেশ্বৰ ফুকন ,পুলিন বৰুৱা ,জিতেন চুতীয়া ,দিলীপ শইকীয়া,পুতুল গোস্বামী,ৰনজিৎ চন্দ্ৰ বৰা,দিলীপ শইকীয়া,ৰূপজোতি বৰগোহাঁই ,দিলীপ কোঁচ,জ্যোতি শইকীয়া, ডিম্বেশ্বৰ ফুকন ,প্ৰণৱজ্যোতি বৰুৱা, জিতু মহন্ত,ৰনোজ ৰামচিয়াৰী, মনোজ বুঢ়াগোহাঁই , ধ্ৰুৱজ্যোতি শৰ্মা, পুষ্প গগৈ,দিলীপ দাসে মহিলা সমন্বয়ক হিচাপে মিতালী দিহিঙীয়া বৰুৱা,ভাগ্যৱতী বাইলুং ,পুতুমনি শইকীয়া,অপৰ্না গগৈ ,দিপামনি শইকীয়া সোনোৱাল,পম্পী শইকীয়া ,মালবিকা চাংকাকতিয়ে আৰু যুৱ সমন্বয়ক হিচাপে অনুজ চাংমাই,জয়ন্ত বৰগোহাঁই, চতীশ ডেকা ,প্ৰাঞ্জল পেগু আৰু অমৰজ্যোতি টাউক দায়িত্ব অৰ্পন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in