শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ অৱস্হান ধৰ্মঘট পালন…

ডিজিটেল সংবাদ, ধেমাজিঃ অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মী সকলে মঙ্গলবাৰে ১১ৰ পৰা বিয়লি ১ বজাৰলৈকে ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত “জাতীয় গৰ্জন ” শীৰ্ষক এক অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কাৰ্যসূচী ৰূপায়ণৰ সময়ত জাতীয় পৰিষদৰ প্ৰায় ডেৰ শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ , প্লে ‘কাৰ্ড লৈ অসমীয়া বিৰোধী ‘ কা ‘ আইন শীঘ্ৰে বাতিল কৰা , অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা ৰূপায়ণেৰে খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবচৰ দাবী শ্ল’গানেৰে উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদ স্হলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত৷ প্ৰতিবাদী সভাত অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি দেৱেন দত্ত সম্পাদক জ্যোতিষ কোচ আৰু ধেমাজি সমষ্টিৰ সমিতিৰ সভাপতি সতীশ দাসে বক্তব্যত অসম জাতীয় পৰিষদ দলে ‘কা’ আইন আগতেও মানি লোৱা নাই আৰু এতিয়াও মানি লোৱা নহ’ব বুলি দাবী জনাই প্ৰয়োজন হলে দলে আৰু ইয়াতকৈও অধিক প্ৰতিবাদী কাৰ্য্যসূচী ল”বলৈ প্ৰস্তুত আছো বুলি উল্লেখ কৰে ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি