ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা-দধীয়া গাঁৱত এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ ধৰ্মঘট…

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা-দধীয়া গাঁৱত এজেপিৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ ধৰ্মঘট…

ডিজিটেল ডেস্কঃ দেওবাৰে অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ নেতৃত্বত দলৰ এটি প্ৰতিনিধি দলে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত থকা লাইকা-দধীয়া গাঁৱৰ বৰ্তমান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অঞ্চলবাসীয়ে কৰা দাবীসমূহৰ সমৰ্থনত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লয়।লাইকা-দধীয়াবাসীয়ে সত্তৰ দশকৰ পৰা কৰি অহা আন্দোলনৰ ফল হিচাপে সময়ে সময়ে পালে মাথো প্ৰতিশ্ৰুতি।

প্ৰতিখন চৰকাৰে লাইকা-দধীয়াবাসীৰ ভূমিৰ সুৰক্ষা তথা পুনৰ সংস্থাপনৰ বাবে দিয়া আশ্বাস সময়ত ফুটুকাৰ ফেনলৈ পৰিণত হ'ল। জাতীয় পৰিষদে বিগত সময়ছোৱাত লাইকা-দধীয়াবাসীৰ ওপৰত নিৰ্যাতন, বঞ্চনাৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ ভৱিষ্যতে খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি যাবৰ বাবে পণ লৈছে । তাৎপৰ্যপূৰ্ণভাৱে নিজৰ গৃহ পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁৱৰ বঞ্চিত সকলৰ কান্দোন শুনিবলৈ আহৰি নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in