টিকট লৈয়ে ভোটাৰৰ কাষত জাগীৰোডত অজাপৰ প্ৰাৰ্থী বুবুল দাস…

টিকট লৈয়ে ভোটাৰৰ কাষত জাগীৰোডত অজাপৰ প্ৰাৰ্থী বুবুল দাস…

ডিজিটেল ডেস্ক,মায়ং : অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা কালৰ এগৰাকী শক্তিশালী নেতা বুবুল দাস।প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ আছিল এইগৰাকী নেতা।অসম গণ পৰিষদ চৰকাৰৰ প্ৰথম আৰু দ্বিতীয়টো কাৰ্যকালত জাগীৰোডৰ পৰা জয়যুক্ত হৈছিল বিধায়ক হিচাপে।দ্বিতীয়টো কাৰ্যকালত ১৯৯৬ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে কেবিনেট মন্ত্ৰী হবলৈ সক্ষম হৈছিল বুবুল দাসে।দপ্তৰ লাভ কৰিছিল মীন বিভাগৰ।তাৰ পিছত ২০০১ চনত অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আহিল।কিন্তু জাগীৰোডত কংগ্ৰেছৰ বিধায়ক জয়ী হব নোৱাৰিলে।

পুনৰ ৰাইজৰ বহু মূলীয়া ভোট লাভ কৰি তৃতীয় বাৰৰ বাবে বিধায়ক হৈছিল অগপৰ পৰা বুবুল দাস।২০০৬ চনত কংগ্ৰেছৰ প্ৰয়াত বিধায়ক বিবেকানন্দ দলৈৰ হাতত পৰাস্ত হৈছিল এসময়ৰ অগপৰ জনপ্ৰিয় নেতা গৰাকী।সেই সময়তে অসম গণ পৰিষদ দলটো ফাট মেলিলে।অগপ আৰু অগপ (প্ৰঃ)হৈছিল ।সমগ্ৰ অসমত অসম গণ পৰিষদৰ বেয়া দিন চলিবলৈ আৰম্ভ হল।কংগ্ৰেছ দলে একেৰাহে তিনিটা কাল অসমত শাসন চলায়।

সেই সময়ৰে পৰা অগপ ৰ বহু বিপর্যয় আৰু ঘাট প্ৰতিঘাতে দেখা দিবলৈ ধৰে। পুণৰ অগপ একত্ৰিত হল যদিও ভাল দিন উভতি নাহিল।২০১৬ চন ত পুণৰ কংগ্ৰেছ পৰাজিত হল আৰু পীয়ুষ হাজৰিকা বিজেপিৰ পৰা জয়ী হল বিপুল ভোটত।সেই সময়ত বুবুল দাস ৰ পূৰ্ণ সমৰ্থন আছিল বিজেপি মিত্ৰজোঁট ৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকা ৰ প্ৰতি।দিন বাগৰাৰ লগে লগে ৰাজনৈতিক বহু পটপৰিবৰ্তন হল জাগীৰোডত।দুবাৰকৈ বিধায়ক হোৱা প্ৰাক্তন বিধায়ক বিবেকানন্দ দলৈৰ মৃত্যুৰ পিছত অভিভাৱক শূণ্য হৈ পৰিল কংগ্ৰেছ।তেনেতে দলে নতুন আৰু শক্তিশালী প্ৰাৰ্থী ৰ সন্ধানত নামি পৰিল কংগ্ৰেছ। ফলশ্ৰুতিত যোৱা লোক সভাৰ নিৰ্বাচনৰ প্ৰাক ক্ষণত নেলীৰ এখন কংগ্ৰেছৰ নিৰ্বাচনী সভাত যোগদান কৰিলে এসময়ৰ আঞ্চলিকতা বাদী শিবিৰৰ জেষ্ঠ নেতা বুবুল দাসে।যোগদান কৰা সময়ত আবেগিক হৈ পৰা দেখা পোৱা গৈছিল বুবুল দাসক। নগাঁও লোক সভা সমষ্টিৰ পৰা জয়ী হল সাংসদ হিচাপে কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ।বুবুল দাসে জাগীৰোডত কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলাৰ বাবে সাজু হৈছিল পৰৱৰ্তী সময়ত।কাৰণ কংগ্ৰেছৰ হাইকামাণ্ডে আশা দিছিল টিকট দিয়াৰ।সমষ্টিৰ ৰাইজৰ মাজত পুণৰ কংগ্ৰেছ বুলি পৰিচিত হল দাস।

প্ৰৱল আত্মবিশ্বাস লৈ আগবাঢ়িছিল।পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।বুবুল দাসৰ ঠাই দখল কৰিলে স্বপন কুমাৰ মণ্ডলে।মণ্ডলে টিকট ৰ দৌৰত যথেষ্ট আগবাঢ়ি থকা দেখি কংগ্ৰেছৰ পৰা দাসে টিকট লাভৰ কোনো গ্ৰীণ ছিগনেল নোপোৱাৰ বাবে এটা সময়ত কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত ললে।অৱশেষত ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বুবুল দাসে কেইবা শতাধিক সমৰ্থক লগত লৈ যোগদান কৰিলে পুনৰ আঞ্চলিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত দল অসম জাতীয় পৰিষদত।

অসম জাতীয় পৰিষদ দলত যোগদান কৰিয়ে সমষ্টিৰ জাতীয়তাবাদী শিবিৰৰ লোক সকলৰ সতে মত বিনিময় কৰি আগবাঢ়ে নিজৰ ৰাজনৈতিক জীৱন পুনৰ গঢ় দিয়াৰ বাবে।অৱশেষত অসম জাতীয় পৰিষদ দলৰ পৰা টিকট লাভ কৰিলে বুবুল দাসে। সোমবাৰে হাতত টিকট লৈ পোনে পোনে গুৱাহাটীৰ পৰা আহি উপস্থিত হয় মনহা কোঁৱৰ গাঁৱত।

এসময়ৰ অগপ ৰ দুৰ্গ আছিল মনহা,ঘগুৱা, গৰমাৰী।অৱশ্যে এতিয়া কি দৰে সেই অঞ্চলত সোমাই ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিব পাৰে সেয়া লক্ষণীয় হব।কাৰণ এতিয়া সেই ৰামো নাই অযোধ্যা ও নাই।তথাপিও বুবুল দাস প্ৰৱল আশাবাদী ৰাইজে পুণৰ আদৰি লব বুলি।বহুতে কৈছে বিজেপিৰ প্ৰাৰ্থী পীয়ুষ হাজৰিকা যিহেতু যথেষ্ট শক্তিশালী ,সেই অনুসৰি এইবাৰ যুজঁ আকৰ্ষণীয় হৈ উঠিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in