আজি অজাপ- ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা! গোলাঘাটৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ভাস্কো ডি শইকীয়াৰ

আজি অজাপ- ৰাইজৰ দলৰ প্ৰাৰ্থীৰ তালিকা! গোলাঘাটৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ভাস্কো ডি শইকীয়াৰ
  • শুকুৰবাৰে আবেলিলৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰথম খন তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা ।
  • প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পাৰে দুই দলৰ নেতৃত্বই ।
  • কেইবাটাও সমষ্টিকলৈ দুই দলৰ মাজত মতপাৰ্থক্য এতিয়াও আতৰা নাই ।
  • মাহমৰা,ৰহা বিহপুৰীয়া,মৰাণ ত দুই দলৰ প্ৰাৰ্থীয়ে বিচাৰিছে প্ৰাৰ্থিত্ব ।
  • বৃহস্পতিবাৰে এই সন্দৰ্ভত জিএমচিএইচত অখিল গগৈ আৰু লুৰীণ জ্যোতি গগৈ মিলিত হৈছিল আন এক আলোচনাত ।
  • শুকুৰবাৰে পুনৰ সমষ্টি কেন্দ্ৰিক আলোচনা হ'ব দুই দলৰ নেতৃত্বৰ মাজত ।
  • গোলাঘাটৰ পৰা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাইজৰ আহ্বান ।
  • নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক নহয় ভাস্কো ডি শইকীয়া ।
  • ঢকুৱাখানাৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব টিএমপিকেৰ প্ৰাক্তন নেতা পদ্মেশ্বৰ দলে ।
  • সমষ্টিটোত বিজেপি প্ৰাৰ্থী হ'ব নৱ দলে ।
  • আনহাতে ঢকুৱাখানাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত নৰহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in