মই ব্যৱসায়ী মানুহ, সাম্প্ৰদায়িক নহয়ঃ কোকৰাঝাৰত ইউপিপিএলৰ হৈ প্ৰচাৰ আজমলৰ

মই ব্যৱসায়ী মানুহ, সাম্প্ৰদায়িক নহয়ঃ কোকৰাঝাৰত ইউপিপিএলৰ হৈ প্ৰচাৰ আজমলৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ২৩ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ লোকসভা সমষ্টিত আটাইকেইতা দল-সংগঠনৰ প্ৰাৰ্থীয়ে সমষ্টিটোত নিৰ্বাচনী ৰণ জিকিবলৈ উঠি পৰি লাগিছে। মুলত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম, বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু নিৰ্দলীয় প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মাজতে তিনিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

বিপিএফ দলে সমষ্টিটোত কেবাখনো বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিছত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্ত পৰিবলৈ মাথো কেইঘণ্টামান বাকী থকা অৱস্থাত দেওবাৰে ইউপিপিএল দলে কোকৰাঝাৰৰ ফকিৰাগ্ৰামত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে।

এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল উপস্থিত থকা উক্ত সমাৱেশত প্ৰায় ২৫ সহস্ৰাধিক জনতা উপস্থিত থাকে।

উক্ত সভাত বদৰুদ্দিন আজমলে ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰে। সাম্প্ৰদায়িক নহয় বৰং নিজকে এজন ব্যৱসায়ী বুলি দাবী কৰি বদৰুদ্দিন আজমলে ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিত জিকাটো খাটাং বুলি মন্তব্য কৰে।

ইফালে উক্ত বিশাল নিৰ্বাচনী সভাত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই পৰিবৰ্তনৰ স্বাৰ্থতে এইবাৰ ভোটাৰে তেওঁকে ভোট দিব বুলি দৃঢ়মত ব্যক্ত কৰি জনবলৰ প্ৰভাৱত ধনবল পিছ পৰিব বুলি মন্তব্য কৰে।

আনহাতে নৱ কুমাৰ শৰণীয়াই সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে বুলি অভিযোগ কৰি উৰ্খাও গৌৰা ব্ৰহ্মই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিতে ইউপিপিএল দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in