আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ আজোনাতিৰ দেহাৱসান

আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ আজোনাতিৰ দেহাৱসান

ডিজিটেল সংবাদ, যোৰহাটঃ ছশ বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাটত থকা সময়ত শাসন চলোৱা অন্তিমজন স্বাধীন স্বৰ্গদেউ পুৰন্দৰ সিংহৰ আজোনাতি ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ আজি বিয়লি দেহাৱসান ঘটে।

নব্বৈৰ দশকত ৰাজ্যৰ ছপা মাধ্যমৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক লেখনিৰ শিতান 'বিবিধা' ৰ স্ৰষ্টা সিংহৰ আজি বিয়লি গুৱাহাটীৰ দিঘলীপুখুৰীপাৰৰ এছ কে ভূঞা পথৰ বাসভবনত মৃত্যু হয়।

১৯৪৮ চনত জন্মগ্ৰহণ কৰা সিংহৰ মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ। চন্দ্ৰ নাৰায়ণ সিংহ আৰু বিৰজা ৰাজকুমাৰীৰ সন্তান অজিত সিংহই যোৰহাটৰ জে বি কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল।

সিংহই ১৫ বছৰ বয়সতে যোৰহাট আৰু গড়মূৰ মৌজাৰ মৌজাদাৰৰ দায়িত্ব গ্ৰহণ কৰিছিল। সম্পূৰ্ণ এটা দশক দৈনিক জনমভূমিৰ পাতত 'বিবিধা' লিখা লেখকগৰাকীয়ে 'সান্নিধ্যৰ মধুৰ স্মৃতি', বুঢ়ী গোসানী দেৱালয়ৰ ইতিবৃত্ত, আৰু ভূমিৰ পৰা ভূমালৈ শীৰ্ষক তিনিখন গ্ৰন্থও ৰচনা কৰিছিল। বহু সামাজিক সংগঠনৰ লগত জড়িত হোৱাৰ লগতে অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান হপলাইনৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল সিংহই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in