শেহতীয়া খবৰ
বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি  •  মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...

পুলৱামাত পৰিকল্পিতভাৱে আক্ৰমণ চলাইছিল মোডীয়েঃ অজিজ কুৰেশ্বী

779

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল তথা কংগ্ৰেছ নেতা অজিজ কুৰেশ্বীয়ে সোমবাৰে মোডীক আক্ৰমণ কৰি পুলৱামা আক্ৰমণ বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিযোগ কৰে। মোডীয়ে পৰিকল্পতিভাৱে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাই নিজৰ স্বাৰ্থ সিদ্ধ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে।

সোমবাৰে সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ত প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে কয়, ‘পৰিকল্পনা কৰি আপুনি সেই আক্ৰমণ সংঘটিত কৰিছিল, যাতে আপুনি সুযোগ লাভ কৰে। কিন্তু জনতাই সকলো বুজি পায়। লাগিলে মোডীয়ে ৪২ গৰাকী বীৰ জোৱানক হত্যা কৰি, তেওঁলোকৰ চিতাৰ জুইৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰক। কিন্তু জনতাই সেয়া হ’বলৈ নিদিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি