শব্দৰে ভূপেন হাজৰিকাৰ ছবি অংকন কৰি দুটাকৈ স্বীকৃতি লাভ কৰে অজয় শৰ্মাই

শব্দৰে ভূপেন হাজৰিকাৰ ছবি অংকন কৰি দুটাকৈ স্বীকৃতি লাভ কৰে অজয় শৰ্মাই

ডিজিটেল সংবাদ,বান্দৰদেৱা : শব্দৰেও অংকন কৰিব পাৰি ছবি।শব্দৰে ছবি অংকনৰ ধাৰনা যিদৰে পৃথক একেদৰেই পৃথক শিল্পকৰ্মও।আৰু এই পৃথক শিল্পৰ বাবে বান্দৰদেৱাৰ সমীপৰ বৰবালিৰ এজধ মহাবিদ্যালয়ৰ ছাত্ৰই লাভ কৰিছে অসম বুক অফ ৰেকৰ্ডৰ উপৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ দৰে দুটাকৈ অতি গুৰুত্বপূৰ্ণ স্বীকৃতি।

এহেজাৰতকৈ অধিক শব্দৰে ড:ভূপেন হাজৰিকাৰ জীৱনী সমৃদ্ধ এখন ছবি অংকন কৰি ব্যতিক্ৰমী চিন্তা ৰ পৰিচয় দিয়া অজয় শৰ্মা নামৰ ছাত্ৰ জনে লাভ কৰিছে ৰাজ্যিকৰ লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ স্বীকৃতি।বিশেষত সৰ্বভাৰতীয় পৰ্যায়ৰ স্বীকৃতিৰে উজলি উঠা অজয় শৰ্মা গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ।

কেৱল ছবিৰেই নহয় অজয় শৰ্মা সমানেই পাৰদৰ্শী নৃত্যটো।বৰ্তমান এক ৰিয়েলিটি শ্ব'ত গুৱাহাটীত ব্যস্ত অজয়।বান্দৰদেৱাৰ সমীপৰ বৰবালিৰ ৰাতুল শৰ্মা আৰু বিজয়া শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ অজয়ৰ এই স্বীকৃতি ৰাজ্যখনৰ বাবেই এক আশাপ্ৰদ খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in