শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

বলিউডত অজয় দেৱগানৰ ৩০ বছৰ সম্পূৰ্ণ, পত্নীয়ে কৰিলে বিশেষ ভিডিঅ’ শ্বেয়াৰ…

2,270

ডিজিটেল ডেস্কঃ বলিউডৰ ‘সিংঘাম’ অজয় দেৱগানে হিন্দী চিনেমা জগতত সম্পূৰ্ণ কৰিলে ৩০টা বছৰ। আৰু অভিনেতা গৰাকীৰ আগন্তুক ছবি ‘তানাজীঃ দ্য অনছাংগ ৱাৰিয়ৰ’ তেওঁৰ জীৱনৰ ১০০ সংখ্যক ছবি। এই উপলক্ষে বলিউডৰ কিং শ্বাহৰুখ খান আৰু অজয় দেৱগানৰ পত্নী কাজলে শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ’।

৩০ বছৰ পূৰ্ব ‘ফুল অ’ৰ কাটে’ ছবিখনৰ জৰিয়তে ভৰি থোৱা বলিউডৰ এই যাত্ৰা অটুট ৰাখিছে এইগৰাকী অভিনেতাই। অভিনেত্ৰী কাজলে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৰ লগত লিখিছে- ’৩০ বছৰ আৰু ১০০খন ছবি। এই সময়ে নিশ্চিতভাৱে এবাৰৰ বাবে অতীতলৈ ঘূৰি যাবলৈ কয়। ফুল অ’ৰ কাটে ছবিখনৰ পৰা আৰম্ভ কৰি জখম, গোলমাল, শিৱায় আৰু এতিয়া তানাজী! মই দেখিছো আপুনি কেনেদৰে নিজৰ জীৱনত আগবাঢ়িছে। আপোনাৰ ছবিজগতৰ এই জন্মদিনৰ বাবে শুভেচ্ছা জনালো।’

২ মিনিটৰ এই ভিডিঅ’টোত অজয় দেৱগানৰ প্ৰায় আটাইকেইখন হিট ছবিৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। ভগত সিং, ৰাজু চাচা, শিৱায়, গংগাজল, সিংঘম, গোলমাল, প্যাৰ ত’ হোনা হি থা, জিগৰকে ধৰি প্ৰায় আটাইকেইখন ছবিৰে কিছু কিছু অংশ দেখিবলৈ পোৱা যায়। ইফালে, অজয় দেৱগানে বলিউডত ৩০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে শুভেচ্ছা জনালে অভিনেতা শ্বাহৰুখ খানেও।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি