অগপ সুবিধাবাদী দল, দেশত এতিয়া গণতন্ত্ৰ নাই!

অগপ সুবিধাবাদী দল, দেশত এতিয়া গণতন্ত্ৰ নাই!

ডিজিটেল সংবাদ, গোলাঘাটঃ শিলচৰত নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ ক্ষেত্ৰত কৰা মন্তব্যক লৈ গোলাঘাটত প্ৰাক্তন মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ সংবাদমেল। কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক চৰম অপমান কৰিছে বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰী গৰাকীৰ। উল্লেখ্য যে, শিলচৰৰ এক জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'ব বুলি সদম্ভে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে গোলাঘাটৰ বিধায়িকা গৰাকীয়ে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰি জনসাধাৰণৰ জীবনৰ লগত হেতালি খেলিছে বুলি মন্তব্য কৰে বিধায়ীকা গৰাকীয়ে। যিখন সভাত প্ৰধানমন্ত্ৰীয়ে এনে জাতিদ্ৰোহী মন্তব্য কৰিছিল, সেই সভাতেই জাতিৰ নায়ক আখ্যা পোৱা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সেণোৱালে হাত চাপৰি মাৰি প্ৰধানমন্ত্ৰীক সহাৰি জনোৱাক লজ্জাজনক আখ্যা দিয়ে বিধায়িকা গৰাকীয়ে।

আনফালে বিৰোধী দলৰ বিধায়িকা হৈয়ো তেওঁ গোলাঘাটৰ উন্নতিৰ হকে এইবাৰ যথেষ্ট আচঁনি হাতত লোৱাৰ কথা উল্লেখ কৰে। তাৰ মাজতে নাগালেণ্ড সীমান্তৰ, সীমান্ত পঞ্চায়তত এখন স্প'ৰ্টছ একাডেমী আৰম্ভ কৰাৰ বাবে কাম কাজ নিজেই হাতত লৈছে বুলি সংবাদমেলত মন্তব্য কৰে বিধায়ীকা গৰাকীয়ে।

অসমীয়াক অপমান কৰিছে বিজেপি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে। এতিয়া দেশত গণতন্ত্ৰ নাই। অগপ সুবিধাবাদী দল। ক্ষমতাৰ বাবে জাতিটোকো প্ৰতাৰণা কৰিব পাৰে অগপ দলে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাছত এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী বিধায়িকা অজন্তা নেওগে।

গোলাঘাটৰ কংগ্ৰেছৰ কাৰ্যালয়ত এক সংবাদমেলত বিধায়িকা গৰাকীয়ে লগতে কয় শিলচৰত মোদী ডাঙৰীয়াই এই বিধেয়কখন গৃহীত হ'ব বুলি ঘোষণা কৰাৰ সময়ত জাতি মাটি ভেটিৰ কথা কোৱা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি অন্য সকলেও হাত চাপৰি বজাই সমৰ্থন দিয়া কাৰ্যই অসমীয়া জাতিটোক চুড়ান্ত অপমান কৰিছে। ইয়াৰ পাছতো মিত্ৰতাত থকা অগপ দলে কেৱল ক্ষমতাৰ বাবে মৌন হৈ আছে বুলিও মন্তব্য কৰিছে। সংবাদ মেলখনতে তেওঁ গোলাঘাট ৰ দৈয়াংত এক স্প'ৰ্টছ একাডেমী ১০ কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱাৰ কথাও ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in