আইভেটি ফাগুনী খাটনিয়াৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গোলোক চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা….

আইভেটি ফাগুনী খাটনিয়াৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক গোলোক চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা….

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত আইভেটি ফাগুনী খাটনিয়াৰৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ গোলোক চন্দ্ৰ বৰাক বিদায় সম্বৰ্ধনা জনোৱাৰ উদেশ্যে মঙ্গলবাৰে বিদ্যালয়খনত এখনি সভা অনুষ্ঠিত হয়। উক্ত বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৰেন ডেকা, পবিত্ৰ শইকীয়া, গোবিন বৰা, সৰুমাই বৰা, বাপধন মহন্ত, গনেশ মুদৈ, ভৱেন চন্দ্ৰ নাথ, বুধেন বৰাই ভাষন প্ৰদান কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজেন্দ্ৰ দাসে আঁতধৰা অনুষ্ঠানটিত গোলোক চন্দ্ৰ বৰাক সম্বৰ্ধনা পত্ৰ, গামোচা, শৰাইৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত শিক্ষয়িত্ৰী বেবী বৰাৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাবিকাসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in