যোগীঘোপাত সাংবাদিকক অভব্য আচৰণ এআইইউডিএফ নেতাৰ

যোগীঘোপাত সাংবাদিকক অভব্য আচৰণ এআইইউডিএফ নেতাৰ

ডিজেটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাওঁ যোগীঘোপাত এইবাৰ সাংবাদিকক অভব্য আচৰণ এআইইউডিএফ নেতাৰ৷ বৃহস্পতিবাৰে যোগীঘোপাৰ বালাপাৰাত আয়োজিত এক নিৰ্বাচনী সভাত আকজুৰ ৰহমান নামৰ এজন নেতাই সাংবাদিকক কৰা এনে ব্যৱহাৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সাংবাদিকক গালি অাৰু ভাবুকি প্ৰদান কৰে এ অাই ইউ ডি এফৰ নেতাজনে৷ দাড়ি, টুপি থকা লোকক সাংবাদিকে বাংলাদেশী সজোৱাৰ অভিযোগ উত্থাপন কৰি কটু মন্তব্য প্ৰকাশ কৰে নেতাজনে৷

ফলত বদৰুদ্দিন আজমলে অংশ লোৱা সভাখন তাত উপস্থিত থকা সাংবাদিকসকলে বৰ্জন কৰে আৰু সভাস্থলী ত্যাগ কৰি প্ৰতিবাদ জনায়৷ লগতে অনিৰ্দিষ্টকাললৈ এঅাইইউডিএফৰ কোনো বাতৰি প্ৰকাশ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in