এআইইউডিএফ-বিজেপিলৈ যাব কংগ্ৰেছৰ কোন কোন বিধায়ক…

এআইইউডিএফ-বিজেপিলৈ যাব কংগ্ৰেছৰ কোন কোন বিধায়ক…

ডিজিটেল ডেস্কঃ কংগ্ৰেছ আৰু এআইইউডিএফৰ চলিছে মুখ চুপতি। বৃহস্পতিবাৰে সংবাদ মাধ্যমক এআইইউডিএফৰ এগৰাকী নেতাই জনাই যে – কেইবাজনো কংগ্ৰেছ বিধায়কে এআইইউডিএফত যোগ দিবৰ বাবে চলাই আছে যোগাযোগ। যি সময়ত এআইইউডিএফ আৰু কংগ্ৰেছৰ বিধায়কে দল এৰি বিজেপিত যোগদান কৰিছে, সেই সময়ত দুয়োটা দলেই কৰা অনুৰূপ দাবীয়ে ৰাজ্যৰ ৰাজনীতিত দল দুটাক হাহিয়াতৰ পাত্ৰ কৰি তুলিছে।

এআইইউডিএফৰ নেতা হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছক আক্ৰমণ কৰি কয়- এআইইউডিএফৰ পাছত কংগ্ৰেছ পৰি লাভ নাই। নিজৰ দলৰ কথা চিন্তা কৰক কংগ্ৰেছে। উল্লেখযোগ্য যে, কংগ্ৰেছে এআইইউডিএফৰ কেইবাজনো বিধায়কে দলটোত যোগদান কৰিবলৈ যোগাযোগ কৰিছে বুলি কৰা দাবীৰ প্ৰত্যুত্তৰ এইদৰে দিয়ে এআইইউডিএফৰ নেতাগৰাকীয়ে।

ৰাজ্যত এতিয়া কোন বিধায়কে কোন দল এৰিব তাক লৈ চলি আছে সৰৱ চৰ্চা। এনে চৰ্চাও চলিছে যে যোৰহাটৰ বিজেপি বিধায়ক হীতেন গোস্বামীক দলে আন গুৰুত্বপূৰ্ণ স্থানত নিযুক্তি দিব। বিধায়ক পদৰ পৰা গোস্বামীয়ে পদত্যাগ কৰিলে সেই সমষ্টিৰ পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীক বিজেপিত যোগদান কৰাই জয়ী কৰাই আনিব বুলিও গুণাগঁথা চলিছে।

ইফালে, চামগুৰিৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনেও কংগ্ৰেছ এৰিব বুলি গুজৱ ওলাইছে। অৱশ্যে হুছেইনে এয়া গছত গৰু উঠা জাতীয় কথা বুলি তেনে সম্ভাৱনা নাকচ কৰিছে। তিতাবৰৰ আন এজন কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাক লৈও চলিছে চৰ্চা। ভাস্কৰ বৰুৱায়ো বিজেপিত যোগদান কৰিব পাৰে বুলি খবৰ ওলাইছে।

ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম দলত্যাগ কৰিব বুলি চৰ্চা চলি আহিছে। সেই চৰ্চাৰ মাজতেই দলীয় নেতৃত্বক সামাজিক মাধ্যমৰ জৰিয়তে আহমেদে সমালোচনা কৰাত তেনে সম্ভাৱনা আছে বুলিও কোনো কোনোৱে মন্তব্য কৰিছে। কংগ্ৰেছ এৰি কোন কোন বিজেপিলৈ যাব সেই তালিকাখনত আছে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ নামো।

তেনে খবৰবোৰ অৱশ্যে এই সকল বিধায়কে স্বীকাৰ কৰিছে। এইখিনিতে মন কৰিব লগা যে শেহতীয়াকৈ কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা পূৰ্বৰ কংগ্ৰেছৰ বিধায়ক সকলেও অনুৰূপ ধৰণেই তেওঁলোকৰ দল ত্যাগৰ খবৰ প্ৰকাশ পোৱা সময়ত তেনে সম্ভাৱনাক অস্বীকাৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত অজন্তা নেওগ, সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মী আদিয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শেহতীয়া উপ নিৰ্বাচনৰ পাছতেই আৰু কেইবাটাও অসম বিধানসভা সমষ্টিত উপ নিৰ্বাচন হ'ব বুলি ইংগিত দিছিল। বৰ্তমান মাজুলী বিধানসভা সমষ্টি খালী হৈ আছে। সৰ্বানন্দ সোণোৱালে মোডী কেবিনেটত যোগদান কৰাৰ পাছত এই সমষ্টিটোৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in