চন্দ্ৰবাবু নাইডুক বিমান বন্দৰত সাধাৰণ যাত্ৰীৰ দৰেই তালাচী, টিডিপিৰ প্ৰতিক্ৰিয়া…

চন্দ্ৰবাবু নাইডুক বিমান বন্দৰত সাধাৰণ যাত্ৰীৰ দৰেই তালাচী, টিডিপিৰ প্ৰতিক্ৰিয়া…

ডিজিটেল ডেস্কঃ দিন সমানে নাযায় সকলোৰে। দুদিনৰ আগলৈকে তেওঁ আছিল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী। আগে-পিছে আছিল নিৰাপত্তাৰক্ষী আৰু বিশাল কনভয়। নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পৰা কাঢ়ি লোৱা হৈছে সকলো সা-সুবিধা।

শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিজয়ৱাৰাৰ বিমান বন্দৰত প্ৰৱেশ কৰিবৈ দিয়া নহল ভি আই পি প্ৰৱেশ কৰা পথেৰে। সাধাৰণ যাত্ৰীৰ দৰেই তেওঁ প্ৰৱেশ কৰিলে নিৰাপত্তাৰক্ষীৰ তালাচীৰ মাজেৰে। আৰু আন যাত্ৰীৰ সৈতে বিমানত উঠিল গৈ চন্দ্ৰবাবু নাইডু।

বিমান বন্দৰত প্ৰৱেশ কৰাৰ সময়ত বিমান বন্দৰৰ এজন নিৰাপত্তাৰক্ষীয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিলে চন্দ্ৰবাবু নাউডুক। অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই ব্যৱহাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেলেগু দেশম পাৰ্টিয়ে।

'এয়া এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাবে অতিকৈ অপমান' বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে টিডিপিৰ নেতা তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী ছিন্না ৰাজাপ্পাই। লোকসভা আৰু অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ মুখ দেখাৰ পাছত ৬৯বছৰীয়া নেতাগৰাকীও প্ৰায় ভাগি পৰা পৰিলক্ষিত হৈছে। অৱশ্যে তেওঁ মন্তব্য কৰিছে যে- তেওঁ নিয়মীত দলৰ কাৰ্যালয়লৈ আহিব আৰু ৩ ঘণ্টা ধৰি কাৰ্যালয়ত দলৰ নেতা তথা বিষয়ববীয়াৰ সৈতে সময় কটাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in